হাতীমূৰাৰ দুৰ্গা মন্দিৰত মন্ত্ৰী কেশৱ মহন্ত

By

Published : Oct 4, 2022, 9:53 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰ (Durga puja celebrated in Kaliabor)। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে দুৰ্গা পূজা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দুৰ্গোৎসৱৰ মহা নৱমী । কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে প্ৰাকৃতিক মনোমোহা ঠাই হাতীমূৰাত প্ৰতিষ্ঠিত মহিষমৰ্দিনী দুৰ্গা মন্দিৰ । হাতীৰ মূৰ সদৃশ এটি শিলত ১৬৬৭ শকত ইং ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই দশভূজা দুৰ্গাদেৱীৰ মূৰ্তি খোদিত কৰি প্ৰতিষ্ঠা কৰিছিল এই দুৰ্গা মন্দিৰটি । ৰাজ্যৰ প্ৰত্নতত্ব বিভাগে এই মন্দিৰৰ উন্নতিকল্পে লোৱা আঁচনিৰ জৰিয়তে সৌন্দৰ্য‍বৰ্দ্ধন কৰা হৈছে । উল্লেখযোগ‍্য যে, শিলত খোদিত দূৰ্গা প্ৰতিমাৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা হাতীমূৰাৰ দুৰ্গা মন্দিৰত মহিষমৰ্দিনী দুৰ্গা পূজাৰ পৰম্পৰা ধাৰাবাহিকভাৱে চলি আছে । ঐতিহাসিক এই স্থানত পূজা-অৰ্চনা আগবঢ়োৱাৰ আজি উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত (Keshab mahanta at Kaliabor)৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.