Minister Jayanta Malla Boruah: মূলসুঁতিলৈ ঘূৰি আহিবলৈ আলফা স্বাধীনলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্লৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:56 PM IST

thumbnail

হোজাই, 29 অক্টোবৰ : আলফা স্বাধীনৰ কেম্পত যুৱকক মৃত্যুদণ্ড দিয়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । দেওবাৰে হোজাই জিলাৰ লংকাত প্ৰধানমন্ত্ৰীৰ ‘‘মন কী বাত’’ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰুৱাই কয়, ‘‘অসমখন এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশৰ দিশে আগবাঢ়িছে ৷ সকলোৱে আহি বিকাশৰ দিশত অৰিহণা যোগাওক । অসমৰ ৰাইজে এতিয়া উগ্রপন্থী নিবিচাৰে । শান্তি বিচাৰে ৰাইজে ৷’’

তেওঁ আৰু কয়, ‘‘আমি বিচাৰো শান্তি আলোচনাৰ মাজেৰে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে সকলোৱে কাম কৰোঁ । আলফা স্বাধীনৰ সকলো সদস্যলৈ এটাই আহ্বান থাকিব যে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা এই বিকাশৰ সহযোগত সকলোৱে সহায় সহযোগ কৰক । সকলো উগ্ৰপন্থী মূলসুঁতিলৈ ঘূৰি আহক আৰু আমি অসমৰ নিৰ্মাণৰ বাবে সকলোৱে কাম কৰোঁ ।’’

লগতে পঢ়ক:Assam CM in Hojai: দলীয় কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰীৰ ‘‘মন কী বাত’’ শুনিলে মুখ্যমন্ত্রীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.