Assam Assembly Autumn session: সদনৰ মজিয়াত বিৰোধীক কিয় বুঢ়া আঙুলি দেখুৱালে মন্ত্ৰী চন্দ্ৰমোহনে ?

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 1:14 PM IST

thumbnail

গুৱাহাটী, 14 ছেপ্টেম্বৰ: 10 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ কাম-কাজ ৷ চতুৰ্থ দিনা সদনৰ কাম-কাজ চলি থকাৰ সময়তে বিৰোধী বিধায়কলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰ পিচতে উত্তপ্ত হৈ পৰে সদন ৷

উল্লেখ্য যে, 5 দিনীয়া এই অধিৱেশনৰ বিগত তিনিটা দিনত বিভিন্ন বিষয়ক লৈ সদনৰ মজিয়াত শাসক-বিৰোধীৰ মাজত তুমুল বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে ৷ চতুৰ্থ দিনা অৰ্থাৎ বৃহস্পতিবাৰেও বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ কাম-কাজ আৰম্ভ হয় প্ৰশ্নোত্তৰ কালেৰে । সদনৰ আৰম্ভণিৰে পৰা শাসক-বিৰোধীৰ‌ মাজত বিভিন্ন বিষয়কলৈ আৰম্ভ হয় তৰ্ক যুদ্ধৰ । 

তাৰ‌ মাজতে সংখ্যালঘু বিভাগৰ প্ৰশ্নৰ উত্তৰ সন্দৰ্ভত কংগ্ৰেছৰ একাংশ বিধায়ক আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মাজত সৃষ্টি হয় বাক যুদ্ধৰ । ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক সদনত বুঢ়া আঙুলি দেখুৱাই কটাক্ষ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়‌ে । ইয়াকে লৈ উত্তপ্ত হৈ পৰে সদনৰ মজিয়া ।

লক্ষণীয় বিষয় যে, সংখ্যালঘু বিভাগৰ প্ৰশ্নোত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক একো নাজানে বুলি মন্তব্য কৰিছিল গগৈয়ে ৷

লগতে পঢ়ক: Parliament special session : কি হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাম-কাজ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.