ETV Bharat / bharat

Parliament special session : কি হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাম-কাজ ?

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:07 AM IST

Parliament special session latest news
18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন

18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰ পৰ্যন্ত আহ্বান কৰা হৈছে সংসদৰ বিশেষ অধিৱেশন ৷ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল নিয়ন্ত্ৰণৰ বাবে এখন বিধেয়ক চৰকাৰৰ সংসদৰ কাৰ্যসূচীৰ ভিতৰত অন্যতম ৷

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ: সংসদৰ বিশেষ অধিৱেশন সন্দৰ্ভত উৎকণ্ঠাৰ অব্যাহত আছে ৷ বিৰোধীৰ লগতে দেশৰ বিভিন্ন মহলত বিশেষ অধিৱেশনৰ কাম-কাজ সন্দৰ্ভত চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ আগন্তুক সংসদৰ অধিৱেশনত উত্থাপন হ’বলগীয়া কাম-কাজ তথা বিধেয়ক সম্বন্ধত প্ৰকাশ কৰিছে কিছু তথ্য ৷ 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল নিয়ন্ত্ৰণৰ বাবে বিধেয়ক আদি আগন্তুক সংসদৰ বিশেষ অধিৱেশনৰ কাম-কাজৰ ভিতৰত অন্যতম বুলি জানিব পৰা গৈছে ৷

সংসদীয় বুলেটিন অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তিৰ সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, দ্য এডভোকেটছ (সংশোধনী) বিল; 2023, দ্য প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পেৰিঅ’ডিকেলছ বিল; 2023, অফিচ বিল; 2023 আৰু দ্য পোষ্ট আদি বিধেয়ক তালিকাভুক্ত কৰা হৈছে বিশেষ অধিৱেশনৰ বাবে ।

10 আগষ্টৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত নিৰ্বাচন আয়ুক্ত নিযুক্তি বিধেয়ক উত্থাপন কৰা হয় । এই বিধেয়কখনে নিৰ্বাচন আয়োগে ব্যৱসায়ৰ লেনদেনৰ পদ্ধতিৰ বিষয়েও আলোচনা কৰে । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰে গঠিত পেনেলৰ পৰামৰ্শ মতে নিৰ্বাচন আয়ুক্তসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব বুলি প্ৰস্তাৱ কৰা হৈছে ।

প্ৰধানমন্ত্ৰীয়ে এই পেনেলৰ অধ্যক্ষতা কৰিব । যদিহে এই বিধেয়কখন কাৰ্যকৰী হয় তেন্তে 2023 চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক নস্যাৎ কৰা হ’ব, য’ত কোৱা হৈছিল যে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ কাম ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু ভাৰতৰ ন্যায়াধীশৰ দ্বাৰা গঠিত পেনেলৰ পৰামৰ্শত কৰিব । কিন্তু উচ্চতম আদালতে নিজৰ ৰায়দানত ৰায় দিছিল যে সংসদে আইন প্ৰণয়ন নকৰালৈকে এই পদ্ধতি চলি থাকিব ।

প্ৰস্তাৱিত বিধেয়কখনে বিৰোধী দলসমূহৰ মাজতো সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু পূৰ্বে কংগ্ৰেছ নেতা কে চি ভেনুগোপালে কয় যে, এই আইনখনৰ লক্ষ্য হৈছে নিৰ্বাচন আয়োগক “প্ৰধানমন্ত্ৰীৰ হাতত পুতলা” হিচাপে গঢ়ি তোলা । 18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অধিৱেশনত সংসদীয় বুলেটিনত, প্ৰথম দিনাই লোকসভাত "সম্পাদন সভাৰ পৰা আৰম্ভ কৰি 75 বছৰীয়া সংসদীয় যাত্ৰা – কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ" বিষয়ক আলোচনা অধিৱেশনৰ প্ৰথম দিনটোতে অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: Encounter in JK: সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হ’ল সাহসী যোদ্ধা কেণ্ট, ভাৰতীয় সেনাৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.