ভূপেন বৰাৰ কথাৰ উত্তৰ দিয়াতো প্ৰয়োজন বুলি নাভাৱে অতুল বৰাই

By

Published : Aug 13, 2022, 8:40 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

"ভূপেন বৰাই কেতিয়াবা গান গায়, কেতিয়াবা কবিতা লিখে, আপোনালোকে দেখিছে যে যোৱা নিৰ্বাচনবোৰত দলটো বেয়াকৈ বিধ্বস্ত হৈছে ৷ গতিকে ভূপেন বৰাৰ কথাৰ উত্তৰ দিয়াৰ মই প্ৰয়োজন অনুভৱ নকৰো ৷ ভূপেন বৰাই কথা আজি এটা ক’ব কাইলৈ এটা ক’ব, তাৰ কথাৰ কিবা মূল্য আছে জানো ?" অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক এইদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী অতুল বৰাই (Minister Atul Bora reaction on Bhupen Bora)৷ যোৱা 12 আগষ্টত বোকাখাতত এখন সংবাদমেল সম্বোধন কৰি অগপ আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই (Bhupen Bora criticized BJP and AGP)। বিহাৰৰ ৰাজনীতিৰ উদাহৰণ দি অগপৰ লগতে অতুল বৰাক সমালোচনা কৰি ভূপেন বৰাই কৈছিল যে অতুল বৰাই আঞ্চলিকতাবাদ জীয়াই ৰাখিবলৈ বিহাৰৰ ৰাজনীতিৰ পৰা শিক্ষা লোৱা উচিত । বিজেপিৰ অক্সিজেন লৈ জীয়াই থকা কাৰ্য পৰিহাৰ কৰিবলৈ অগপক আহ্বান জনাইছিল (APCC chief slams BJP)। শ্বহীদৰ তেজৰ বিনিময়ত গঠন হোৱা অগপ, গণশক্তি, বিপিএফক বিজেপি দলে এফালৰ পৰা গিলি পেলাইছে বুলিও কৈছিল ভূপেন বৰাই ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.