Assam Govt Budget 2023 : তিনিটা বিন্দুত কেন্দ্ৰীভূত এইবাৰৰ বাজেট, বিত্ত মন্ত্ৰী অজন্তা নেওগ

By

Published : Mar 16, 2023, 11:49 AM IST

thumbnail

গুৱাহাটী, ১৬ মাৰ্চ : অসম বিধানসভাৰ মজিয়াত ইতিমধ্যে আৰম্ভ হৈছে বাজিট দাখিল পৰ্ব (Assam Assembly Budget Session 2023) । ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে ইতিমধ্য আৰম্ভ কৰিছে তেওঁৰ বাজেট ভাষণ (FM Ajanta Neog Budget speech 2023) । সৰ্বকালৰ সৰ্ববৃহৎ সংস্থাপনৰ আঁচনি লৈ বৃহস্পতিবাৰে সদনত বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ বাজেট (Assam Govt Budget 2023) ।

অসম বিধানসভাৰ বাজেট অধিবেশনৰ বৃহস্পতিবাৰে পঞ্চমদিনা বিত্ত মন্ত্রী অজন্তা নেওগে বাজেট দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ২০২৩-২৪ বৰ্ষৰ বাজেটৰ কিছু আভাস দাঙি ধৰে । সদনত প্ৰৱেশৰ পূৰ্বে বিত্তমন্ত্রী নেওগে কয় যে এইবাৰৰ বাজেটত তিনিটা মূল বিন্দুৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

সেইকেইটা হ’ল স্বনিয়োজন, দৰিদ্ৰতা নিৰ্মূল আৰু শিক্ষা । মহিলাৰ ক্ষেত্ৰতো প্ৰাধান্য থাকিব বাজেটত । নিয়োগ সৃষ্টি চৰকাৰৰ মূল লক্ষ্য বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে বাজেটত শিক্ষা খণ্ডৰ আমুল পৰিৱৰ্তনৰ সূচনা দেখিব । দৰিদ্ৰতা নিৰ্মূলৰ প্ৰতিফলন ঘটিব এই বাজেটত । আৰ্থ-সামজিক দিশৰ ওপৰত লক্ষ্য ৰাখি বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি তেওঁ কয় । যোৱা বাজেটৰ দৰে এইবাৰৰ বাজেটতো দৰিদ্ৰতা নিৰ্বাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ।

লগতে পঢ়ক :Assam Budget 2023: আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.