Assam Budget 2023: আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট

author img

By

Published : Mar 16, 2023, 10:02 AM IST

Assam Budget

বিত্ত মন্ত্রী অজন্তা নেওগে বিধানসভাত দাখিল কৰিব আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাজেট প্রাক্কলন (Assam Budget 2023) । ১১ বজাত বিত্ত মন্ত্রীৰ বাজেট ভাষণ । বহুকেইটা দিশৰ পৰা এইবাৰৰ বাজেট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।

গুৱাহাটী, ১৬ মাৰ্চ : বিত্ত মন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বাজেট প্রাক্কলন দাখিল কৰিব (FM Ajanta Neog to produce budget 2023) । প্রশ্নোত্তৰকালৰ পিছতে দিনৰ ১১ বজাত বিত্ত মন্ত্রীয়ে বাজেট ভাষণ আগবঢ়াব । উল্লেখ্য, মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন হৈছে তৃতীয়খন বাজেট (Assam Assembly Budget 2023) । জানিব পৰা মতে, বিধানসভাত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বিত্ত মন্ত্রী অজন্তা নেওগে আনুমানিক প্ৰায় ১ লাখ ২২ হাজাৰ কোটি টকাৰ বাজেট দাখিল কৰাৰ সম্ভৱনা আছে ।

ইতিমধ্যে বিত্ত মন্ত্রী অজন্তা নেওগে জানিবলৈ দিছে যে বাজেটত ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশসমূহ সামৰি লোৱা হৈছে আৰু ইয়াত মহিলাসকলৰ বাবে ভাল খবৰ দেখা পোৱা যাব । আনহাতে, বিগত বছৰৰ বাজেট সন্দৰ্ভত তেওঁ কয়, “যোৱা বছৰৰ প্ৰচেষ্টা আছিল ৯ মাহৰ বাজেটত দিয়া প্ৰতিশ্ৰতি পূৰণৰ । এই ক্ষেত্ৰত আমি ষথেষ্ট সফল হৈছোঁ ।” ইপিনে বুধবাৰে বিধানসভাত বিতৰ্কত অংশ লৈ বাজেটত প্ৰয়োজনীয় পুঁজি ধাৰ্যৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ প্ৰদান কৰে (CM Himanta Biswa Sarma) ।

বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটখন সৰ্বকালৰ সৰ্ববৃহৎ নিবনুৱা সংস্থাপনৰ বাজেট হ'ব‌ বুলিও উল্লেখ কৰিছিল । কিন্তু সেই কথা কিমানদূৰ সঁচা সেয়া বৃহস্পতিবাৰে বিত্ত মন্ত্ৰীয়ে বাজেট দাখিলৰ পিছতহে স্পষ্ট হ'ব (Assam govt budget 2023) । উল্লেখ্য যে ১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিবেশনৰ অহা ১৭ মাৰ্চ আৰু ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা, ২১ মাৰ্চত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে ।

২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্রতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰিক লৈ আলোচনা হ'ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ।

উল্লেখযোগ্য যে কেইবাটাও দিশত এইবাৰৰ বাজেট গুৰুত্বপূৰ্ণ হ'ব । ৰাজ্যৰ সাম্প্ৰতিক অৰ্থনৈতিক অৱস্থা, বিভিন্ন হিতাধিকাৰী আঁচনিৰ নামত চৰকাৰৰ অত্যধিক খৰচ, নিবনুৱা সমস্যা, কৰ্মসংস্থাপন, ঋণৰ বোজা আদি একাধিক দিশত এই বাজেটৰ ওপৰত দৃষ্টি ৰাখিছে ৰাজ্যৰ অৰ্থনৈতিক বিশ্লেষকসকলে ।

লগতে পঢ়ক :Akhil to Assam govt: ধৰ্মৰ ৰাজনীতি বাদ দি কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.