Mid day meal workers protest: ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল মুকালমুৱা

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:38 PM IST

thumbnail

নলবাৰী,১ নৱেম্বৰ: নলবাৰীৰ মুকালমুৱাত ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ । সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ আহ্বানত আৰু CITU ৰ সহযোগত বৰক্ষেত্ৰীৰ শশ ৰন্ধন কৰ্মীয়ে পিকেটিং কাৰ্যসূচী ৰূপায়ণ কৰে । পুৱাৰে পৰা বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ গেট বন্ধ কৰি শ শ মহিলাই মজুৰি বৃদ্ধিৰ দাবীত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । মামা এইবাৰ হুচিয়াৰ, আমাৰ দাবী মানিলে ভাল, নামানিলে কাল, আমাৰ মজুৰি বৃদ্ধি কৰক, বিজেপি চৰকাৰ লেই লেই আদি ভিন্ন শ্ল'গানেৰে প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ চৌহদ কঁপাই তোলে প্ৰতিবাদকাৰী ৰন্ধন কৰ্মীয়ে ।  

বজাৰত অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য অতি শীঘ্ৰে ৰন্ধন কৰ্মীৰ মজুৰি বৃদ্ধিৰ দাবী জনায় । উল্লেখযোগ্য যে ৰন্ধন কৰ্মীসকলে বিদ্যালয়ত কৰ্মৰত হৈ মাহৰ শেষত মাত্ৰ এহেজাৰ টকা দৰমহা হিচাপে পাই আহিছে । সম্প্ৰতি বজাৰত বস্তুৰ আকাংশলংঘী দাম বৃদ্ধিত জুৰুলা হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰন্ধন কৰ্মী । যাৰ ফলশ্ৰুতিত আজি এনেদৰে সদৌ অসম ৰন্ধন কৰ্মচাৰী সন্থাৰ আহ্বানত মুকালমুৱাতো শ শ মহিলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।  

লগতে পঢ়ক: Scam In Distribution Of PDS Rice : সুলভ মূল্যৰ চাউল হৰলুকি কৰি এজেণ্ট ৰাইজৰ ৰোষত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.