Tiger 3 Fans Burst Firecrackers inside Cinema Hall: টাইগাৰ-৩ প্ৰদৰ্শনীৰ মাজত চিনেমা হলত আতচবাজী

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:08 PM IST

thumbnail

নিউজ ডেস্ক, ১৩ নৱেম্বৰ: ছলমান খানৰ টাইগাৰ-৩ প্ৰথম দিনৰ প্ৰদৰ্শনীৰ মাজতেই দেওবাৰে কথমপি ৰক্ষা পৰে প্ৰায় শতাধিক লোকৰ জীৱন ৷ এক বৃহৎ অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে মহাৰাষ্ট্ৰৰ নাছিকৰ মালেগাঁৱৰ মোহন টকীজ ৷ চিনেমা হলটোত নিশা ৯ বজাৰ টাইগাৰ-৩ প্ৰদৰ্শনী চলি থকা সময়তে হঠাতে হলৰ ভিতৰত ফুটিবলৈ ধৰে ফটকা ৷ 

হলটোৰ ভিতৰত টাইগাৰ-৩ প্ৰদৰ্শনী চলি থকা সময়তে দৰ্শকে চিনেমা হলৰ ভিতৰত আতচবাজী আৰম্ভ কৰি দিয়ে । হঠাৎ হোৱা এই ঘটনাৰ বাবে আন দৰ্শকসকল বিভ্ৰান্ত হৈ পৰে আৰু হলটোৰ ভিতৰত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ হলটোৰ ভিতৰত সৃষ্টি হোৱা এই পৰিস্থিতিৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

উল্লেখ্য যে, মালেগাওঁ এখন মুছলমান প্ৰধান চহৰ । এই চহৰখনত ছলমান খান, আমিৰ খান আৰু শ্বাহৰুখ খানৰ বহু অনুৰাগী আছে । তেওঁলোকৰ প্ৰতিখন নতুন চিনেমাৰ বাবে বিপুল দৰ্শকে চিনেমা হলত ভিৰ কৰে । কিন্তু হলটোৰ ভিতৰত ফুটুৱা ফটকাৰ পৰা যে এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে তথা দৰ্শকৰ জীৱন বিপদত পৰিব পাৰে সেই কথা ছবিখনৰ একাংশ দৰ্শকে উপলব্ধি কৰিবই পৰা নাছিল ৷ 

লগতে পঢ়ক: Tiger 3 Box Office Collection Day 1: প্ৰথম দিনা টাইগাৰ 3 য়ে বক্স অফিচত কিমান সংগ্ৰহ কৰিলে জানি লওক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.