ETV Bharat / entertainment

Tiger 3 Box Office Collection Day 1: প্ৰথম দিনা টাইগাৰ 3 য়ে বক্স অফিচত কিমান সংগ্ৰহ কৰিলে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:24 PM IST

‘টাইগাৰ ৩3’ টাইগাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছবি । ইয়াৰ পূৰ্বে টাইগাৰ ফ্ৰেঞ্চাইজিৰ ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হায়’ ছবিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল ৷ জানি লওক টাইগাৰ 3ৰ প্ৰথম দিনাৰ বক্স অফিচ সংগ্ৰহ ৷

Tiger 3 Box Office Collection Day 1: Outstanding Opening On Diwali
টাইগাৰ ৩ বক্স অফিচ সংগ্ৰহ প্ৰথম দিন

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: দীপাৱলী উপলক্ষে মুক্তি পালে ছলমান খানৰ ‘টাইগাৰ 3’ । এফালে ছলমান খানে ‘টাইগাৰ 3’ৰ ৰূপত অনুৰাগীক দীপাৱলীৰ এক আচৰিত উপহাৰ দিছে, আনহাতে এতিয়া অনুৰাগীয়েও তেওঁক উপহাৰ দিবলৈ সাজু হৈছে । ইয়াৰ পূৰ্বে ছবিখনৰ এডভান্স বুকিং ৰিপৰ্টত কোৱা হৈছিল যে ছবিখনে 23 কোটি টকা উপাৰ্জন কৰিছে, এতিয়া প্ৰথম দিনাৰ বক্স অফিচ সংগ্ৰহ পোহৰলৈ আহিছে ।

স্পাই থ্ৰিলাৰ ছবি ‘টাইগাৰ 3’ৰ বক্স অফিচত এক সুন্দৰ উন্মোচন হ’ব । Sacknilk য়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ছবিখনে প্ৰথম দিনাই 40 কোটি টকাৰ বৃহৎ ধন উপাৰ্জন কৰিব পাৰে । উৎসৱমুখৰ পৰিৱেশৰ মাজতে অনুৰাগীয়ে ছবিগৃহত ‘টাইগাৰ 3’ চাবলৈ ভিৰ কৰিছে আৰু ছবিখনক লৈ দৰ্শকৰ মাজত দেখা পোৱা উন্মাদনা অনুসৰি সংগ্ৰহো আৰু বৃদ্ধি পাব পাৰে ।

টাইগাৰ 3 ৰ প্ৰথম দুটা খণ্ডক পৰাস্ত কৰিব টাইগাৰ 3 য়ে !

‘টাইগাৰ 3’ যশ ৰাজ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি আৰু টাইগাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছবি । ইয়াৰ পূৰ্বে টাইগাৰ ফ্ৰেঞ্চাইজিৰ ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হায়’ ছবিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । উল্লেখ্য যে, যদি ‘টাইগাৰ 3’য়ে প্ৰথম দিনাই 40 কোটি টকা সংগ্ৰহ কৰে তেন্তে ই পূৰ্বৰ দুখন ছবিক অতিক্ৰম কৰিব ।

‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হায়’ৰ মুকলি হৈছিল ইমান কোটি টকাত

‘এক থা টাইগাৰ’ মুক্তি লাভ কৰিছিল 2014 চনত । তেতিয়া ছবিখনৰ ওপেনিং আছিল 32.93 কোটি টকা । ভাৰতত মুঠ 198.78 কোটি টকা উপাৰ্জন কৰা এই ছবিখনে বিশ্বজুৰি 320 কোটি টকা সংগ্ৰহ কৰে । আনহাতে 2017 চনত অহা দ্বিতীয়খন ছিকুৱেল ‘টাইগাৰ জিন্দা হায়’ ছবিখনে প্ৰথম দিনাই 34.10 কোটি টকা উপাৰ্জন কৰিছিল । ঘৰুৱা বক্স অফিচত ছবিখনৰ সংগ্ৰহৰ মূল্য আছিল 339.16 কোটি টকা আৰু ছবিখনে বিশ্বজুৰি 558 কোটি টকাৰ ব্যৱসায় কৰিছিল ।

লগতে পঢ়ক: Salman Khan: 6 বছৰ পূৰ্বে দিছিল এখন ব্লকবাষ্টাৰ ছবি, তাৰ পিচৰে হিটৰ বাবে হাহাকাৰ কৰিছে ভাইজানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.