Massive Fire at Arunachal Pradesh : অৰুণাচলৰ ৰালুঙ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

By

Published : Jul 26, 2023, 6:24 PM IST

thumbnail

জোনাই, 26 জুলাই : অৰুণাচলৰ ৰোকচিন আৰক্ষী থানাৰ অন্তৰ্গত ৰালুঙ গাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বুধবাৰে দিনৰ প্ৰায় 3 বজাত ৰালুঙ গাঁৱৰ কিশোৰ পাৰণৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ জানিব পৰা মতে ঘৰত টিন লগাবলৈ বুলি ৱেল্ডিং কৰি থাকোতে জুই ফিৰিঙতি কাষতে থকা কেঁচাঘৰত লাগি জুইৰ সূত্ৰপাত হৈ অগ্নিকাণ্ডটো সংঘটিত হয় ৷

অগ্নিকাণ্ডত কিশোৰ পাৰণ নামৰ লোকজনৰ সকলো সা-সম্পত্তি জ্বলি ভস্মীভূত হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ৰুকচিন আৰু জোনাই অগ্নিনিৰ্বাপক বিহিনীক খবৰ দিয়ে ৷  

ঘটনাস্থলীত জোনাই অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাৰ ফলত ওচৰ চুবুৰীয়া ৰক্ষা পৰে ৷ উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ 37 নং পূৱ জনজাতি সমষ্টিৰ বিধায়ক নিনং ইৰিঙে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

লগতে পঢ়ক : Miscreants detained: বন্দুক সহ সন্দেহযুক্ত নগা দুৰ্বৃত্ত আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.