জোনাইৰ নামনি বালিগাঁৱত অগ্নিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সম্পত্তি

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 10:53 PM IST

thumbnail

জোনাই, 29 নৱেম্বৰ : জোনাইৰ নামনি বালিগাঁৱত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় ৷ ধেমাজি জিলাৰ জোনাই নামনি বালিগাঁৱৰ ৰাকেশ পেগু নামৰ ব্যক্তিজনৰ বাসগৃহত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷  

জানিব পৰা মতে ৰাকেশ পেগুৰ বাসগৃহত কোনো নথকাৰ সময়তে জুইৰ সূত্ৰপাত হৈ ঘৰৰ প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হয় ৷ এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জোনাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত সঠিক তথ্য জানিব পৰা হোৱা নাই যদি বিদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ 

লগতে পঢ়ক : দোকানত কৰ্মচাৰী ৰখাৰ আগত দহবাৰ ভাবক; মিহিৰ ডালমিয়ালৈ বিপদ মাতিলে কৰ্মচাৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.