Fire incident at Barpetaroad: বৰপেটাৰোডৰ বাঁহবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Apr 6, 2023, 6:58 AM IST

thumbnail

বৰপেটাৰোড, 6 এপ্ৰিল: বৰপেটাৰোডৰ বাঁহবাৰীত বুধবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুটাকৈ বাসগৃহ ৷ বাঁহবাৰী গাঁৱৰ প্ৰতাপ বৰ্মণ নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড (Massive Fire Breaks out At Barpetaroad)  ৷

বুধবাৰে সন্ধিয়া ঘৰৰ ভিতৰত দিয়া চাকিৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ ফলত ঘৰখনত থকা দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ গৃহস্থই থাপনাত ধূপ-চাকি দি বাহিৰলৈ ওলাই গৈছিল আৰু তেনে সময়তে এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় (Fire incident at Barpetaroad)।

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে ৷  আনহাতে ঘটনাস্থলীত পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰোইজে ৷ এই অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.