চৰাইদেউৰ সাপেখাতীত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 4:42 PM IST

thumbnail

মৰাণ,২৩ ডিচেম্বৰ: চৰাইদেউ জিলাৰ সাপেখাতীত শনিবাৰে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জিলাখনৰ দন্দেশ্বৰ ফুকন নামৰ টেন্টৰ ব্যৱসায়ীজনৰ বাসগৃহত থকা টেন্টৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড । ফলত টেন্ট হাউছৰ কাপোৰৰ লগতে ছাউণ্ড চিষ্টেম আৰু বহুতো আচবাব জুইত জাহ যায় ।  

ব্য়ৱসায়ী দন্দেশ্বৰ ফুকনে উল্লেখ কৰা মতে, এই ঘটনাত পোন্ধৰ লাখৰো অধিক টকাৰ সম্পত্তি সম্পূৰ্ণকৈ জুইত জাহ যায় । প্ৰথমতে চুবুৰীয়াৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱা বুলিহে ভাবিছিল এই ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও টেণ্ট হাউছৰ সামগ্ৰী সমূহ ৰক্ষা কৰিবলৈ সক্ষম নহ'ল । বিদ্যুৎ শ্বট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে টেণ্ট হাউছৰ গৰাকীয়ে ।  

লগতে পঢ়ক:তিনিখন আসনৰ বাবে আবেদন কৰিলেও দলৰ সিদ্ধান্তই মানি ল'ব সাংসদ গৌৰৱ গগৈয়ে: ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.