Nazira Fire incident : ভয়ংকৰ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট

By

Published : Apr 30, 2023, 2:22 PM IST

thumbnail

আমগুৰি, 30 এপ্ৰিল : শিৱসাগৰ জিলাৰ নাজিৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । নাজিৰা নগৰৰ বৰতলৰ 10 নং ৱাৰ্ডৰ নজিৰুল ইছলাম ওৰফে বাবুলৰ ঘৰটো জুইত সম্পূৰ্ণৰূপে ধবংস হৈ যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি নিশা প্ৰায় 2 বজাত জুইৰ পোহৰ দেখি অঞ্চলটোত হুৱা-দুৱা লাগে । ভয়ংকৰ জুইয়ে নজিৰুল ইছলামৰ ঘৰটো আগুৰি ধৰে । অৱশ্যে উক্ত সময়ত ঘৰটোত কোনো মানুহ নাছিল বুলি জানিবলৈ পৰা গৈছে (Massive fire at Nazira)। 

ঘৰটোত থকা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় । অগ্নিকাণ্ডটোৰ সূত্ৰপাত গাতে লাগি থকা এটা আঁতৰৰ ডেগৰ পৰা হৈছে বুলি জানিব পৰা গৈছে । জনবহুল এলেকাটোত অসুৰক্ষিতভাৱে আঁতৰৰ ডেগ স্থাপন কৰি বিপদৰ সন্মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । দীৰ্ঘদিন ধৰি আঁতৰৰ ডেগৰ পৰা প্ৰদূষণ সৃষ্টি হোৱাৰো অভিযোগ তোলে স্থানীয় লোকে । আঁতৰৰ ডেগৰ দূষিত পদাৰ্থ নদীত পেলোৱাৰ ফলত মাছকে ধৰি অন্যান্য জীৱকুল মৰাৰো অভিযোগ তুলিছে স্থানীয় লোকে  (Fire incident at Nazira) ।

লগতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উঠিছে । অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়লৈ ফোন কৰাৰ পিচতো সহাৰি নিদিয়াত স্থানীয় লোকে দৌৰী গৈ খবৰ দিব লগা পৰিস্থিতিৰ সৃষ্টি হয় । পৰৱৰ্তী পৰ্যায়ত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় নাজিৰা আৰক্ষীৰ সহযোগত জুই নিৰ্বাপন কৰা হয় ।

লগতে পঢ়ক : Woman suicide in Bihar : শোকাৱহ! তিনি সন্তানক হত্যা কৰি আত্মহত্যা কৰিলে মাতৃয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.