ডিফুত লোকনিৰ্মাণ বিভাগৰ ক'লনীত অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 7:38 PM IST

thumbnail

ডিফু, ৬ নৱেম্বৰ: কাৰ্বি আংলং জিলাৰ ডিফুৰ পিৰবি মাৰ্কেটৰ সমীপৰ লোক নিৰ্মাণ বিভাগৰ চীফ ইঞ্জিনিয়াৰিং ক'লনীত আজি এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ৷ স্থানীয় ৰাইজৰ ভাষ্য় আনুসৰি বুধবাৰে দিনৰ ১ বজাত কোনো ঘৰত নথকা অৱস্থাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কৰ্মচাৰী মঙলচিং ৰংপিৰ বাস ভৱনত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷  

এই অগ্নিকাণ্ডত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিষ্ফোৰণ হোৱাত অগ্নিকাণ্ডই ভয়াবহ ৰূপ লয় । লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপকৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে । ফলত অগ্নিকাণ্ড পৰা ৰক্ষা পৰে সমীপৰ কেইবাটাও পৰিয়াল । এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ অগ্নিকাণ্ডটোত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷  

লগতে পঢ়ক:চৰাইদেউৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.