Seedling Planting at Bakaliaghat : বকলীয়াঘাটত বিলুপ্তপ্ৰায় ১২ টা প্ৰজাতিৰ পাহাৰীয়া ধানৰ কঠীয়াৰ সমূহীয়া ৰোপন

By

Published : Aug 10, 2023, 8:58 PM IST

thumbnail

ডিফু, ১০ আগষ্ট : বকলীয়াঘাটত ধান খেতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ৷ ৰোপন কৰা হৈছে কাৰ্বি  আংলঙৰ বিলুপ্ত প্ৰায় ১২ টা প্ৰজাতিৰ বিশেষ ধানৰ কঠীয়া ৷ বকলীয়াঘাট থানা এলেকাৰ পুৰণা তিচ' তেতেলীয়া গাঁৱত উদ্যমী কৃষক খয়াছিং তিমুঙৰ কৃষিভূমিত ব্যতিক্ৰমী পদ্ধতিৰে ৰোপন কৰা হৈছে কঠীয়া সমূহ ৷

কৃষি বিভাগৰ বকলীয়াঘাট চক্ৰৰ এডিঅ' ৰূখেশ্বৰ তিমুঙ আৰু পিএমকেএছৱাইৰ কাৰিকৰী কাৰ্যবাহী বিষয়া ৰূপমালীন ক্ৰপীৰ উপস্থিতিত সমূহীয়াভাবে কঠীয়াখিনি ৰোপন কৰা হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বকলীয়াঘাট চক্ৰৰ এডিঅ' ৰূখেশ্বৰ তিমুঙে কয় যে, উত্তৰ-পূৰ্বাঞ্চল আৰু কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে একেলগে এই বিলুপ্ত প্ৰায় ১২ টাকৈ পাহাৰীয়া প্ৰজাতিৰ ধানৰ খেতি কৰা হৈছে ৷

এই খেতি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা হ’ব ৷ কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহ’ব বুলি কয় বিষয়াগৰাকীয়ে ৷ আনহাতে এই বিৰল প্ৰজাতিৰ ধান খেতি কৰিবলৈ সংশ্লিষ্ট বিভাগৰ পৰা পানী যোগানৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি পিএমকেএছৱাইৰ কাৰিকৰী কাৰ্যবাহী বিষয়া ৰূপমালীন ক্ৰপীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Plaque in memory of heroes in Diphu: ডিফুত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্বোধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.