Food poisoning at Jonai : জোনাইত ব্ৰয়লাৰ মাংস খাই অসুস্থ হৈ পৰিছে শিশুসহ ৮ জন

By

Published : Jun 16, 2023, 2:07 PM IST

Updated : Jun 16, 2023, 2:30 PM IST

thumbnail

জোনাই, ১৬ জুন : জোনাইত অঘটন ৷ জোনাইৰ আদি লেকু গাঁৱৰ এজন লোকৰ ঘৰত মাংস খাই অসুস্থ হৈ পৰিছে কেবাজনো লোক ৷ তাৰ পাচতে অসুস্থ লোক কেইজনক শুকুৰবাৰে ভৰ্তি কৰোৱা হয় জোনাইৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত ৷ অসুস্থ কেইজনৰ ভিতৰত জেৰিনা মৰাং নামৰ শিশুটি অধিক অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে পাছিঘাট অসামৰিক চিকিৎসালয়লৈ আৰু ৰেমি পাৱ’ক দীপজনী নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

বিৱৰণি অনুসৰি, জোনাই দৈনিক বজাৰৰ পৰা বৃহস্পতিবাৰে কিনি অনা ব্ৰয়লাৰ মাংস খাই নিশা আপ্পুন টায়েং (৭), ৰুহিমা টায়েং (৫), বাকিং পেগু(২), জেৰিনা মৰাং (৭), ৰেমি পাৱ (৮) নামৰ ৫ শিশুসহ জৰনা পেগু (৩০), মাইকেল টায়েং (২৭), প্ৰতিমা টায়েঙকে ধৰি মুঠ ৮ জনকৈ লোক খাদ্য বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰে ৷

অসুস্থ ৮ জনৰ ভিতৰত ৪ জনক জোনাইৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৩ শিশুসহ ৫ জন লোককক চিকিৎসকে খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে তেজৰ নমুনাও ৷

লগতে পঢ়ক : Food poisoning In Goalpara : গোৱালপাৰা মাৰিয়ামপুৰত খাদ্যত বিষক্ৰিয়া হৈ মহিলাৰ মৃত্যু

Last Updated : Jun 16, 2023, 2:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.