কাজিৰঙাত শেল মাৰি হত্যা গঁড়ক, গ্ৰেপ্তাৰ এজন

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 9:53 PM IST

thumbnail

কাজিৰঙা, 30 নৱেম্বৰ : কাজিৰঙাত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ এক কৰুণ ঘটনা ৷ নৰেন শইকীয়া নামৰ এগৰাকী লোকৰ শেলৰ আক্ৰমণত মৃত্যু হৈছে এজনী গঁড়ৰ ৷ পূব-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ ভিগনেছে জনোৱা অনুসৰি, যোৱা ২৪ নৱেম্বৰৰ নিশা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বেজগাঁৱৰ নামনি এলেকালৈ ওলাই অহা এজনী গঁড়লৈ শেল মাৰে নৰেন শইকীয়া নামৰ স্থানীয় লোকজনে ৷ লগে লগে আৰ্তনাদ কৰি গঁড়জনী লৰ মাৰে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ ৷

ইপিনে, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আহত গঁড়জনীৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে ৷ ইপিনে, গঁড়ক আক্ৰমণ কৰা নৰেন শইকীয়াক আটক কৰি সোধাপোছা কৰে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানত আজি বিয়লি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ তেতেলীগুৰি বন শিৱিৰ এলেকাৰ ইকৰাণিৰ মাজত শেল বিন্ধি থকা অৱস্থাত মৃত গঁড়জনী উদ্ধাৰ কৰে ৷

খৰ্গটো অক্ষত অৱস্থাত থকা গঁড়জনীৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কাইলৈ দিনত কৰা হ’ব বুলি জনাইছে বন বিভাগৰ সূত্ৰই ৷

লগতে পঢ়ক : কলিয়াবৰত মূল্যবান কাঠৰ ফান্টা ভৰ্তি বাহন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.