Child abused by man: 5 বছৰীয়া শিশুক যৌন উৎপীড়ণ চলায় গ্ৰেপ্তাৰ এজন

By

Published : Jul 23, 2023, 11:36 AM IST

thumbnail

তিনিচুকীয়া, 23 জুলাই : তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হৈছে এক লজ্জাজনক ঘটনাৰ ৷ কাকপথাৰৰ এখন গাঁৱত এগৰাকী 5 বছৰীয়া শিশুক যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ হয় এগৰাকী 50 বছৰীয়া লোক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন কাকপথাৰ ৰজাগড়ৰ মুকেন কৰ্মকাৰ (ব্ৰয়লা) বুলি জানিবলৈ পৰা গৈছে ৷

ঘন জংঘলত ঔটেঙা বিচাৰি যোৱাৰ চলেৰে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে ব্যক্তিজনৰ ওপৰত ৷ বৃহস্পতিবাৰে সংঘটিত এই ঘটনাৰ পিছতে আৰক্ষীৰ কাষ চাপে শিশুটিৰ আত্মীয়ই ৷ তাৰ পাছতে বৃহস্পতিবাৰৰ পৰা পলায়ন কৰি থকা অভিযুক্ত মুকেশ কৰ্মকাৰক দাইচা অঞ্চলৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰে কাকপথাৰ আৰক্ষীয়ে ৷ ইতিমধ্যে শিশুক যৌন আতিশায্য চলোৱা অভিযুক্ত লম্পট মুকেন কৰ্মকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কাকপথাৰ আৰক্ষীয়ে ৷ 

লগতে পঢ়ক : Harassment of students : প্ৰৱক্তাৰ বিৰুদ্ধে 58 গৰাকী শিক্ষার্থীৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.