Makum Police: মাকুম আৰক্ষীয়ে জব্দ কৰিলে অইলৰ চুৰি পাইপ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:13 PM IST

thumbnail

তিনিচুকীয়া, 1 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি লৈ উঠিছে অবৈধ ডেম্প ৷ ৰাইজৰ অভিযোগ অনুসৰি, একাংশ ডেম্পত প্ৰতিদিনে চলিছে বিভিন্ন অবৈধ কাৰ্যকলাপ ৷ কাৰণ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই ডেম্পসমূহৰ পৰা ইতিমধ্য জব্দ কৰে চুৰি সামগ্ৰী ৷ মঙলবাৰে মাকুম ডিগবৈ পথৰ জামাল নামৰ এটা ডেম্পত মাকুম আৰক্ষীয়ে অভিযান চলায় ৷

অভিযানৰ সময়ত অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী চুৰি পাইপ জব্দ কৰে আৰক্ষীয়ে ৷ অইল ইণ্ডিয়া লিমিটেডৰ চুৰি পাইপখিনি AS23 AC9940 নম্বৰৰ এখন অট’ত মজুত কৰি ৰখা হৈছিল ৷ আৰক্ষীয়ে চুৰি পাইপ অথবা ডেম্পৰ সৈতে জড়িত থকা কোনো লোকক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Missing case in Tinsukia : ডুমডুমা আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰসংগত সৰব প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.