Majuli ferry service: আজি সীমিতভাৱে চলিব মাজুলী-নিমাতি ফেৰীসেৱা

By

Published : Jul 10, 2023, 11:21 AM IST

thumbnail

মাজুলী, ১০ জুলাই: মাজুলী-নিমাতিৰ মাজত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰত জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰীসেৱা পুনৰ আৰম্ভ কৰা হৈছে যদিও আজি নিয়মীয়াকৈ নচলে ফেৰী ৷ ব্ৰহ্মপুত্ৰত ঘন কুঁৱলী আৰু ৰেম্পসমূহ বৰ্তমান সুচল নোহোৱাত এই সিদ্ধান্ত লৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ।

কমলাবাৰী ফেৰী ঘাটৰ পৰাও দুই এখন ফেৰী চলাৰ সমান্তৰালকৈ অফালমুখ ফেৰী ঘাটৰ পৰা পদ্মা নামৰ ফেৰী নিমাতীলৈ ১০ বজাত যায় ৷ নিমাতিৰ পৰা আফলামুখলৈ আকৌ ঘূৰি আহিব পদ্মা নামৰ ফেৰীখন । ইফালে দুইটা ঘাটত পাৰাপাৰ হ’বলৈ যাত্ৰী ভিৰ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে মাজুলী জিলা প্ৰশাসনে দেওবাৰে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰিছিল ফেৰীৰ চলাচল ।

বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুব গৈছে ফেৰী ৰখা ৰেম্পসমূহ । ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত কাঠ, বিভিন্ন জাৱৰ-জোঁথৰ উটি অহা বাবে যাত্ৰীৰ জীৱনৰ কথা চিন্তা কৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছিল মাজুলী নিমাতি ফেৰী সেৱা ।

লগতে পঢ়ক: Majuli ferry service: পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.