Vijaya dashami: নগাঁৱৰ নেহেৰুবালী ঘাটত নিশালৈকে চলিব প্ৰতিমা বিসৰ্জন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 8:02 PM IST

thumbnail

নগাঁও, 24 অক্টোবৰ : উখল-মাখল নগাঁৱৰ বিজয়া দশমীৰ পৰিৱেশ ৷ লোকাৰণ্য হৈ পৰিছে নগাঁৱৰ ৰাজপথ ৷ বিশাল শোভাযাত্ৰাৰে ভক্তপ্ৰাণ ৰাইজে বিসৰ্জন ঘাটলৈ লৈ যায় মা দুৰ্গাৰ প্ৰতিমূৰ্তি ৷ জানিব পৰা মতে, কলঙৰ বাকৰি নেহেৰুৱালী বিসৰ্জন ঘাটত নিশালৈকে চলিব প্ৰতিমা বিসৰ্জন । নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালী ঘাটত প্ৰতি বছৰৰ দৰে এইবছৰো প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰ সভাই । 

নগাঁও চহৰৰ প্ৰায় এশখন পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । দুপৰ নিশালৈকে প্ৰতিমা বিসৰ্জন চলাৰ সম্ভাৱনা আছে এইবছৰ নেহেৰুৱালী ঘাটত । যাৰ বাবে জিলা প্ৰশাসনে নিশাটোৰ বাবেও সুব্যৱস্থা কৰিছে নেহেৰুৱালী বিসৰ্জন ঘাটত । সমান্তৰালকৈ আৰক্ষী প্ৰশাসনেও কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে নেহেৰুৱালী ঘাটত ।

লগতে পঢ়ক : Vijaya dashami: বিজয়া দশমীত উৎসৱমুখৰ নগাঁও চহৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.