Lurinjyoti Gogoi reacts on Sukapha Maidam: চ্যুকাফাৰ সমাধিস্থল সংৰক্ষণ কৰিব নোৱাৰাত চৰকাৰক সমালোচনা লুৰীণৰ

By

Published : Dec 2, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ শৌৰ্য-বীৰ্য পৰাক্ৰমক সুঁৱৰি প্ৰতিবছৰে পালন কৰি অহা হৈছে চ্যুকাফা দিৱস(Sukapha Divas Celebration) তথা অসম দিৱস । কিন্তু অতি পৰিতাপৰ কথা যে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোতা এইগৰাকী মহান ব্যক্তিৰ সমাধিস্থল আজিও অৱহেলিত, অনাদৃত তথা উপেক্ষিত হৈ আছে । সুদূৰ ম্যুঙমাওৰপৰা পদব্ৰজে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰখণ্ডত সাতৰাজ সামৰি এক ৰাজ কৰি আহোম ৰাজশাসনৰ জৰিয়তে বৰ অসম গঢ়া স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল এতিয়া বেদখলকাৰীৰ কৱলত । আজি স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থলত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(Assam Jatiya Parishad President Lurinjyoti Gogoi) । বৰ অসমৰ ভেঁটি গঢ়োতাজনৰ সমাধি আজিও অৱহেলিত, অনাদৃত অৱস্থাত থকাত আশ্চৰ্য প্ৰকাশ কৰা লগতে চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে । আহোম ৰাজত্বকালৰ প্ৰথমখন স্থায়ী ৰাজধানী তথা পৰৱৰ্তী সময়ত পবিত্ৰ মৈদাম ক্ষেত্ৰত পৰিণত হোৱা চৰাইদেউৰ আন্তঃগাঁথনি উন্নীত কৰাৰ দাবী জনাই লুৰীণজ্যোতি গগৈয়ে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.