Lurinjyoti Gogoi on Bihu Distortion in G20; বিহুক পুনৰ বিকৃতকৰণ কৰা কাৰ্যই অসমীয়া সংস্কৃতিৰ প্ৰতি থকা অশ্ৰদ্ধা প্ৰকাশ পাইছে: লুৰীণ জ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 11:41 AM IST

thumbnail

ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ : বিহু অসমীয়াৰ প্ৰাণ, অসমীয়া জাতিৰ আয়ুস ৰেখা ৷ অসমৰ বিহুৱে গীনিজ ৰেকৰ্ডত স্থান লাভ কৰা সময়তে এইবাৰ দিল্লীত অপমান কৰা হ’ল বিহুক ৷ দিল্লীত অনুষ্ঠিত G-20 সন্মিলনলৈ অহা ব্ৰিটেইনৰ ৰাষ্ট্ৰপতিক আদৰণি জনাবলৈ প্ৰদৰ্শন কৰা বিহুৰৰূপে হতচকিত কৰিছে সকলোক ৷ এই বিহু বিকৃতকৰণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ।

অজাপৰ সভাপতিগৰাকীয়ে কয়, ‘‘বিহুক পুনৰ বিকৃতকৰণ কৰা কাৰ্যই অসমীয়া সংস্কৃতিৰ প্ৰতি থকা অশ্ৰদ্ধা প্ৰকাশ পাইছে । এই কথাই অসমৰ প্ৰতি থকা দিল্লীৰ চিন্তা প্ৰকাশ পাইছে । দিল্লীৰ ওচৰত যে অসমৰ সংস্কৃতি সুৰক্ষিত নহয় সেই কথা প্ৰমাণ হৈ গ'ল’’ ।

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিহুৰ গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড কৰা বাবে চৰকাৰে অনুষ্ঠান কৰা পাচতেই কিয় এনেদৰে বিশ্বৰ আগত বিহুক বিকৃত ৰূপত পুনৰ কৰা হ’ল তাক লৈ চৰকাৰলৈ প্ৰশ্ন কৰে অসম জাতীয় পৰিষদ সভাপতি লুৰীণ জ্যোতি গগৈয়ে । এই ঘটনাৰ পাচতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীৰৱতা অৱলম্বন কৰিব লগা হৈছে বুলিও মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.