যোৰহাট-মাজুলী সংযোগী দলং মাজুলীবাসীৰ অধিকাৰ : লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:16 PM IST

thumbnail

মাজুলী, 1 ডিচেম্বৰ : ‘‘মাজুলীক লৈ সদায় বিজেপিয়ে হেতালি খেলি আহিছে ৷ যোৰহাট-মাজুলী সংযোগী দলং মাজুলীবাসীৰ অধিকাৰ ৷’’ বৃহস্পতিবাৰে মাজুলীত উপস্থিত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মাজুলী-যোৰহাট সংযোগী দলংখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য প্ৰদান কৰিছিল ৷ তাৰে প্ৰতিক্ৰিয়া স্বৰূপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেতবোৰ মন্তব্য কৰে ।

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে আৰু কয়, ‘‘এই দলংখনৰ কাৰণে মাজুলীৰ সাধাৰণ ৰাইজে বহুত প্ৰতিবাদ কৰিবলগীয়া হ’ল ৷ বৰ্তমান দলঙৰ কাম লেহেমীয়া গতিত হৈ আছে । মাজুলীবাসীৰ সপোনৰ দলংখনৰ কাম সোনকালে কৰি শেষ কৰাৰ বাবে চৰকাৰৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰা নাই । 2026 চনত নিৰ্বাচন আছে ৷ সেয়ে 2026 ত দলৰ কাম শেষ হ’ব বুলি কৈছে চৰকাৰে’’ ।

তেওঁ আৰু কয় যে দলংখন মাজুলীৰ ৰাইজৰ অধিকাৰ, এই বিষয়টো নিৰ্বাচনী টোপ হ’ব নালাগে । এই অধিকাৰটো মাজুলীবাসীক কিয় দিব বিচৰা নাই বুলিও প্ৰশ্ন কৰে লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : আলীগড় মুছলিম বিশ্ববিদ্যালয়ত স্থাপন হ'ব লোকপিয়ল তথ্য গৱেষণা কৰ্মকেন্দ্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.