ETV Bharat / bharat

আলীগড় মুছলিম বিশ্ববিদ্যালয়ত স্থাপন হ'ব লোকপিয়ল তথ্য গৱেষণা কৰ্মকেন্দ্ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:06 AM IST

আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ মৌলানা আজাদ পুথিভঁৰালত স্থাপন কৰা হ'ব লোকপিয়ল তথ্য গৱেষণা কৰ্ম কেন্দ্ৰ । বিশ্ববিদ্যালয়ে উত্তৰ প্ৰদেশৰ লোকপিয়ল সঞ্চালকালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।

AMU
আলীগড় মুছলিম বিশ্ববিদ্যালয়ত স্থাপন লোকপিয়ল তথ্য গৱেষণা কৰ্মকেন্দ্ৰ

নেশ্যনেল ডেস্ক,১ ডিচেম্বৰ : আলীগড় মুছলিম বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ লোকপিয়ল সঞ্চালকালয়ৰ সৈতে 'লোকপিয়ল তথ্য গৱেষণা কৰ্ম কেন্দ্ৰ' স্থাপনৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে । এই কেন্দ্ৰ বিশ্ববিদ্যালয়ৰ মৌলানা আজাদ পুথিভঁৰালত স্থাপন কৰা হ'ব । এএমইউৰ কাৰ্যবাহী উপাচাৰ্য অধ্যাপক মহম্মদ গুলৰেজ, পঞ্জীয়ক মহম্মদ ইমৰান, পৰিসংখ্যা আৰু সঞ্চালন গৱেষণা বিভাগৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক কাজী মাজহাৰ আলী, মৌলানা আজাদ পুথিভঁৰালৰ উপ লাইব্ৰেৰিয়ান ড০ আচিফ ফৰিদ চিদ্দিকী আৰু লোকপিয়ল সঞ্চালকালয়ৰ উপ-সঞ্চালক ড০ এছ এছ শৰ্মা আৰু সঞ্চালকালয়ৰ অন্যান্য বিষয়াসকল উক্ত বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচীত উপস্থিত থাকে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী উপাচাৰ্য অধ্যাপক মহম্মদ গুলৰেজে কয় যে এয়া সত্য যে লোকপিয়লৰ তথ্যই বহুমুখী উন্নয়নমূলক নীতি প্ৰস্তুত, নিৰীক্ষণ আৰু মূল্যাঙ্কনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়েহে, সাধাৰণ ৰাইজৰ বাবে তথ্য উপলব্ধ কৰাটো অতি গুৰুত্বপূৰ্ণ । লোকপিয়ল সঞ্চালকালয়ৰ ড০ এছ এছ শৰ্মাই জানিবলৈ দিয়া মতে শিক্ষাবিদ, গৱেষক, শিক্ষাৰ্থীসকলক নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰা আৰু এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি গৱেষণাক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশৰ সকলো প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত ভাৰত চৰকাৰৰ লোকপিয়ল তথ্য গৱেষণা কৰ্মকেন্দ্ৰ স্থাপন কৰা হৈছে ।

ড০ এছ এছ শৰ্মাই কয় যে ১৯৯১, ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ সকলো প্ৰকাশিত লোকপিয়ল তালিকা আৰু তথ্য গৱেষকসকলৰ বাবে এই গৱেষণা কৰ্মকেন্দ্ৰসমূহত ডিজিটেল ফৰ্মেটত উপলব্ধ আৰু ইয়াৰ পৰাই তথ্য ব্যৱহাৰকাৰীসকলে সহজে বিভিন্ন লোকপিয়ল সম্পৰ্কীয় তথ্যৰ লগতে মাইক্ৰ' ডাটা লাভ কৰিব পাৰিব । তেওঁ কয় যে এই কেন্দ্ৰই এএমইউৰ শিক্ষাৰ্থী আৰু গৱেষকসকলক প্ৰণালীবদ্ধ গৱেষণাৰ বাবে লোকপিয়লৰ সূক্ষ্ম তথ্য প্ৰদান কৰি ভাৰতৰ জনসংখ্যাৰ আৰ্থ-সামাজিক-জনগাঁথনিগত প্ৰেক্ষাপট অধ্যয়ন কৰাত সহায় কৰিব ।

এএমইউৰ পঞ্জীয়ক মহম্মদ ইমৰাণে কয় যে এএমইউত স্থাপন কৰা লোকপিয়ল তথ্য গৱেষণা কৰ্মকেন্দ্ৰ কেৱল আলিগড় জিলাৰ বাবেই নহয়, কাষৰীয়া ৰাজ্যসমূহৰ বাবেও উপযোগী হ'ব । সামাজিক, অৰ্থনৈতিক আৰু জনগাঁথনিগত বিষয়ৰ ওপৰত গৱেষণাৰ লক্ষ্যৰে শিক্ষক, বিজ্ঞানী, গৱেষক, শিক্ষাৰ্থী আৰু অন্যান্য তথ্য ব্যৱহাৰকাৰীসকলৰ বাবে সূক্ষ্ম পৰ্যায়ৰ লোকপিয়লৰ তথ্য সহজে লাভ কৰাৰ দিশত ই এক অভূতপূৰ্ব প্ৰচেষ্টা ।

লগতে পঢ়ক :বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.