ETV Bharat / bharat

বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:22 AM IST

Amit Shah to attend BSF 59th Raising Day
বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব গৃহ মন্ত্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে তেওঁ হাজাৰিবাগত উপস্থিত হৈছেগৈ । মেৰু প্ৰশিক্ষণ কেন্দ্ৰত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব ।

নিউজ ডেস্ক, ১ ডিচেম্বৰ : ১ ডিচেম্বৰ হৈছে বিএছএফৰ প্ৰতিষ্ঠা দিৱস । এই বছৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব । এই উপলক্ষে ঝাৰখণ্ডৰ হাজৰিবাগৰ মেৰু প্ৰশিক্ষণ কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । ইয়াৰ বাবে অমিত শ্বাহে বৃহস্পতিবাৰে হাজাৰিবাগত গৈ উপস্থিত হৈছে । এই কাৰ্যসূচী শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব ।

উল্লেখ্য যে, হাজাৰিবাগত এইবাৰৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব । এই কাৰ্যসূচী সীমান্ত সুৰক্ষা বাহিনী প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিদ্যালয়ত আয়োজন কৰা হৈছে । ইয়াৰ পূৰ্বে বিএছএফৰ প্ৰতিষ্ঠা দিৱস দিল্লীত উদযাপন কৰা হৈছিল । কিন্তু বিগত দুবছৰ ধৰি এই অনুষ্ঠান বিএছএফ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা হৈছে ।

২০২১ চনত ৰাজস্থানৰ জয়ছেলমেৰত আৰু ২০২২ চনত অমৃতসৰত ইয়াৰ আয়োজন কৰা হৈছিল । এইবাৰ এই অনুষ্ঠান হাজাৰিবাগৰ মেৰুত উদযাপন কৰা হৈছে । ১৯৬৮ চনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলিৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ'ব । আনহাতে, বিএছএফৰ সকলো সীমান্ত দলে ৰাইজিং ডে পেৰেডত অংশগ্ৰহণ কৰিব ।

জানবাজ আৰু সীমা ভৱানীৰ বাইক দল, উট আৰু অশ্বাৰোহী দল, প্ৰশিক্ষিত কুকুৰ, বিএছএফ এয়াৰ উইঙৰ হেলিকপ্টাৰ, বিএছএফৰ আৰ্টিলাৰী, কন্দুৱা গেছ গোট টেকানপুৰ, মিৰ্চি বোমা আৰু এডভেঞ্চাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ পেৰাগ্লাইডিং অনুষ্ঠানত প্ৰদৰ্শন কৰা হ'ব । ইয়াৰ উপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ'ব । এই পেৰেডত হাজাৰোধিক সেনা আৰু বিষয়াই অংশগ্ৰহণ কৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে সন্ধিয়া হাজাৰিবাগত উপস্থিত হৈছে । ৰাঁচীত উপস্থিত হোৱাৰ পিছত তেওঁ বিএছএফ হেলিকপ্টাৰেৰে হাজাৰিবাগলৈ যায় । আনহাতে, হাজাৰিবাগলৈ উৰামৰাৰ পূৰ্বে তেওঁ ৰাঁচী বিমানবন্দৰত বিজেপি নেতাসকলক সাক্ষাৎ কৰে । অনুষ্ঠানত অংশগ্ৰহণৰ পিছত তেওঁ দিল্লীলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক : অৰুণাচল ভ্ৰমণলৈ প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.