Lumpy Virus Vaccination: কলিয়াবৰত পশুধনক লাম্পি ভাইৰাচ প্ৰতিষেধক প্ৰদান

By

Published : May 25, 2023, 4:19 PM IST

thumbnail

কলিয়াবৰ,25 মে’: লাম্পি স্কিন ডিজিজ (Lumpy skin disease) নামৰ পশু ৰোগে কলিয়াবৰ লৈছে ভয়াৱহ ৰূপ ৷ এই ৰোগত আক্ৰান্ত হৈছে বহু সংখ্যক গৰু (Lumpy virus) ৷ সেইবাবে এই ৰোধৰ প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷  

এই ৰোগৰ সংক্ৰমণৰ পৰা স্থানীয় পশুপালকসকলক সকাহ দিবৰ বাবে নগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে অঞ্চলটোত আৰম্ভ কৰিছে বিনামূলীয়া টিকাকৰণ আৰু ঔষধ বিতৰণ কাৰ্যসূচী ৷ পশু চিকিৎসকৰ এটা দলে বৰ্তমানলৈকে প্ৰায় পাঁচ শতাধিক পশুধনক প্ৰদান কৰিছে প্ৰতিষেধক (Lumpy skin disease vaccination)  ৷ বৃহস্পতিবাৰে কলিয়াবৰৰ হাটবৰ, ভৰালী গাঁও, বিষ্ণুপুৰ, শাকমুঠি গাঁৱত এই টিকাকৰণ সম্পূৰ্ণ হয় ৷ গুৱাহাটীৰ পৰা যোৱা এটা পশু চিকিৎসকৰ দলেও প্ৰদান কৰিছে প্ৰতিষেধক ৷  

লগতে পঢ়ক: Rhino terror at Kaliabar: গঁড়ৰ মুক্ত বিচৰণত ত্ৰাসিত কলিয়াবৰবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.