Livestock recovered in Kaliabor: বুধবাৰে নিশা কাজিৰঙা আৰু কলিয়াবৰত জব্দ গৰু ভৰ্তি বাহন

By

Published : Oct 27, 2022, 10:19 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ শেহতীয়াকৈ বুধবাৰে নিশা কলিয়াবৰত জব্দ হৈছে গৰু ভৰ্তি এখন বাহন ৷ জব্দকৃত বাহনখন চামগুৰি অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে নিশা কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযান চলাই আছিল ৷ সেই সময়তে এখন বলেৰ' পিক-আপ বাহনে আৰক্ষীৰ বেৰিকেট ভাঙি দ্ৰুত বেগেৰে পলায়নৰ চেষ্টা চলায় ৷ তাৰ পিছতেই আৰক্ষীয়ে অতি তৎপৰতাৰে বাহনখন আৱদ্ধ কৰি বাহনখনত চলায় তালাচী ৷ তালাচী অভিযানত মুখ, ভৰি বান্ধি থোৱা অৱস্থাত ৪ টাকৈ গো-ধন উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, গোলাঘাটৰ পৰা চামগুৰি অভিমুখে গৈ আছিল বাহনখন (Livestock recovered in Kaliabor) ৷ লগতে আৰক্ষীয়ে আটক কৰিছে চামগুৰিৰ ছাইফুল ইছলাম নামৰ চালকজনক ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত চালকক জেৰা অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.