অৰণ্যত নহয় শ্ৰেণী কোঠাত বাঘ বিচাৰিলে বন বিভাগে

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:21 AM IST

thumbnail

মৰিয়নি,১০ ডিচেম্বৰ: মৰিয়নি নগৰত অব্যাহত নাহৰফুটুকীৰ সন্ত্ৰাস ৷ নিশা মৰিয়নিৰ এখন বিদ্যালয়ৰ তলা খুলি নাহৰফুটুকীৰ সন্ধানত বন কৰ্মীৰ বিশেষ অভিযান ৷ মৰিয়নিৰ মহাদেৱ আগৰৱালা বিদ্যালয়ত নিশা টৰ্চ লাইটলৈ শ্ৰেণী কোঠাই কোঠাই নাহৰফুটুকী বিচাৰি বন বিভাগৰ এক দীঘলীয়া অভিযান । বিদ্যালয়ৰ চৌহদত নিশাৰ ভাগত ফটকা ফুটাই নাহৰফুটুকী খেদাৰ চেষ্টা কৰে বন বিভাগৰ দলে ।

মৰিয়নি নগৰত প্ৰায় দুমাহ ধৰি এটা নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰি আহিছে । কিছুদিন পূৰ্বে মৰিয়নি জাতীয় বিদ্যাপীঠত প্ৰৱেশ কৰিছিল নাহৰফুটুকীটো ৷ নাহৰফুটুকীটোক খেদি পঠিওৱাত ব্যৰ্থ হোৱা বন বিভাগে কেইটামান ব'ম-ফটকা ফুটাই দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ । বাঘৰ আক্ৰমণত ইতিমধ্যে কেইবাজনো লোক আহত হৈছে । ফলত নগৰৰ মাজমজিয়াত বাঘৰ সন্ত্ৰাসত নগৰবাসী ৰাইজে সন্ধিয়াতে ঘৰত আবদ্ধ হ'ব লগা হোৱাৰ লগতে নিজৰ সন্তানক বিদ্যালয়লৈ পঠাবলৈও ভয় কৰিবলগীয়া দৰে পৰিস্থিতি উদ্ভৱ হৈছে ।

লগতে পঢ়ক: বন্যহস্তীৰ ভয়ত কৃষকে কেঁচাতে চপাইছে ধান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.