Mission against drugs: দৰং জিলা প্ৰশাসনে দাহ কৰিলে 6 লক্ষাধিক টকাৰ ড্ৰাগছ

By

Published : Oct 8, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলাই থকাৰ মাজতে আজি দাহ কৰা হয় বুজন পৰিমানৰ নিচা জাতীয় সামগ্ৰী(Large amount of narcotics burnt in Kharupetia) ৷ খাৰুপেটীয়াৰ নেপালী বজাৰত প্ৰায় 6 লক্ষাধিক টকাৰ নিচা জাতীয় দ্ৰব্য দাহ কৰে দৰং জিলা প্ৰশাসনে । খাৰুপেটীয়া থানাৰ অন্তৰ্গত নেপালী বজাৰৰ সমীপৰ টাংনি নৈৰ পাৰত জ্বলাই দিয়া হয় নিচা জাতীয় দ্ৰব্যখিনি । শনিবাৰে খাৰুপেটীয়া আৰক্ষীৰ সহযোগত দৰং জিলা আৰক্ষীয়ে দাহ কৰে বুজন পৰিমাণৰ গাঞ্জা, ব্ৰাউন চুগাৰ, হেৰ'ইন, কফ চিৰাপ, নিচা জাতীয় টেবলেট(Kharupetia police station) । বিভিন্ন সময়ত দৰঙ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছিল নিচা জাতীয় দ্ৰব্যখিনি(Mission against drugs) | দাহ কৰা ড্ৰাগছ সমূহৰ মূল্য প্ৰায় 6 লাখ টকা বুলি জানিব দিয়ে আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.