অনুভৱ ব্যক্ত কৰি থকাৰ মাজতে উচুপি উঠিল সাংবাদিক

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:47 PM IST

thumbnail

হোজাই, 17 নৱেম্বৰ : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এগৰাকী সাংবাদিকৰ চকুত চকুলো । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোতে দুচকুৰে বৈ আহিল সাংবাদিকগৰাকীৰ চকুলো । সাংবাদিকগৰাকী হ’ল লংকাৰ বিপ্লৱজিৎ দেৱ ।

আৰ্থিক দৈন্যক নেওচি সাংবাদিকতাৰ জৰিয়তে লংকাৰ সংবাদক্ষেত্ৰখনলৈ বহুদিন ধৰি অৰিহণা যোগাই আহিছিল বিপ্লৱজিৎ দেৱে ৷ যথেষ্ট আৰ্থিক সংকটৰ মাজত অৱদান আগবঢ়াই অহা লংকাৰ সাংবাদিক বিপ্লৱজিৎ দেৱক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা লংকা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা ৷ সম্বৰ্ধনা গ্ৰহণ কৰি অভিভূত হৈ পৰা সাংবাদিকগৰাকীৰ দুচকুৰে বৈ আহিল চকুলো । এখন গামোচা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰ লগতে এখন নতুন চাইকেল উপহাৰ হিচাপে প্ৰদান কৰা হয় সাংবাদিকগৰাকীক ।

হোজাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে পালন কৰা হ’ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ 

লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত প্ৰবীণ সাংবাদিক, সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.