Land dispute clash :অবৈধ বেদখল; ভূমি স্বত্বাধিকাৰীক মাৰপিট কৰাৰ অভিযোগ

By

Published : Jul 30, 2023, 10:28 PM IST

thumbnail

বঙাইগাঁও, 30 জুলাই : বঙাইগাঁও জিলাৰ মাত্ৰাঘোলাত ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি ৷ কদম আলী নামৰ এজন লোকৰ ভূমিত 8 জনীয়া দুৰ্বৃত্তই অবৈধভাৱে ঘৰ সজাৰ বাবে ভয়ংকৰ কাজিয়াৰ সূত্ৰপাত হয় ৷  

মাত্ৰাঘোলাৰ কদম আলীৰ মেদী পাট্টাৰ ভূমিত হায়েদ আলী, নাগৰ আলী আৰু শহোৰ আলীয়ে জোৰ জুলুমকৈ ঘৰ সজোৱাত কদম আলীয়ে বাধা প্ৰদান কৰে ৷ কিন্তু হায়েদ আলীৰ নেতৃত্বত অহা 8 জনীয়া দুৰ্বৃত্তৰ দলে কদম আলীক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ দুৰ্বৃত্তৰ দলটোৱে কদম আলীক বিভিন্ন ধৰণৰে ভয় ভাবুকি দিয়াৰ কথাও উল্লেখ কৰে ৷  

জানিব পৰা মতে, ভিডিপি সম্পাদক জামাল উদ্দিনৰ ছত্ৰছায়াত জোৰ-জুলুমকৈ দুষ্ট চক্ৰই মাটি দখল কৰি আছে ৷ ইফালে ভুক্তভোগী কদম আলীয়ে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে যদিও ভিডিপিৰ সম্পাদক জামাল উদ্দিনে এজাহাৰ দাখিল কৰাত ভাবুকি প্ৰদান কৰাৰ কথা উল্লেখ কৰে কদম আলীয়ে ৷ এই ঘটনাৰ পিচতে বঙাইগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত ন্যায় বিচাৰি তদন্ত কৰি দোষীৰ শাস্তি বিচাৰিছে ভুক্তভোগী কদম আলীয়ে ৷ 

লগতে পঢ়ক: Female maoist surrendered : মহিলা মাওবাদীৰ আত্মসমৰ্পণ, ৫ লাখৰ পুৰস্কাৰ আছিল মাওবাদীগৰাকীৰ ওপৰত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.