মেডিকেল কলেজৰ নিযুক্তি প্ৰসংগত উত্তাল লখিমপুৰ

By

Published : Sep 15, 2022, 5:51 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

"আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো যে এই লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ গোটেইকেইটা চাকৰি লখিমপুৰৰ যুৱক-যুৱতীক দিয়া হ’ব ৷" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) দিছিল এই আশ্বাস ৷ কিন্তু ইয়াৰ পিছতে লাগিল কেনা ৷ যোৱা 13 ছেপ্টেম্বৰত ঘোষণা কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাৰ ফলাফলৰ তালিকাত নাই এজনো লখিমপুৰৰ যুৱক-যুৱতীৰ নাম ৷ ইয়াৰ পিছতে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিৰ প্ৰসংগত উত্তাল হয় লখিমপুৰ জিলা (Lakhimpur Medical College recruitment scam)৷ ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত উকা বহী জমা দিয়া প্ৰাৰ্থী উত্তীৰ্ণ হোৱাৰ লগতে একেজন প্ৰাৰ্থীয়েই বহু পদত নিৰ্বাচিত হোৱা সন্দৰ্ভত অন্তহীন কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে লখিমপুৰৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা মনোজ কলিতাই (Lakhimpur Medical College recruitment reaction) ৷ অচিৰেই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী আৰু বিধায়কৰ প্ৰতিশ্ৰুতি অনুসৰি স্থানীয় যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে স্থানীয় দল-সংগঠনসমূহে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.