Assam HSLC result 2023: নৱম স্থানত উজলিল লখিমপুৰৰ পলক জাজু

By

Published : May 22, 2023, 8:51 PM IST

thumbnail

লখিমপুৰ, 22 মে’:  আজি ফলাফল ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নৱম স্থানত উজলিল লখিমপুৰৰ পলক জাজু ৷ লখিমপুৰৰ ব্ৰকফিল্ড স্কুলৰ মেধাৱী ছাত্ৰী পলক জাজুৰ এই সফলতাত উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱকসকল ৷ মুঠ 586 নম্বৰ লাভ কৰি এই সফলতা লাভ কৰিছে মেধাৱী ছাত্ৰী গৰাকীয়ে (Lakhimpur Girl Palak Jajo Got 9th Position) ৷  

লখিমপুৰ নগৰৰ 13 নং ৱাৰ্ডৰ বেতমহল নিবাসী ব্যৱসায়ী প্ৰদীপ জাজু আৰু ৰজনী জাজুৰ কন্যা পলকে এই পৰীক্ষাত স্থান লাভৰ আশা কৰি নিয়মিত অধ্যয়ন কৰিছিল যদিও প্ৰশ্ন কাকত ফাদিল কাণ্ডত আশাহত হৈ পৰিছিল ছাত্ৰী গৰাকী ৷ পলকে বাণিজ্য শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী চাটাৰ্ড একাউন্টেন্ট হোৱাৰ আশা ব্যক্ত কৰিছে (Assam HSLC result 2023) ৷

লগতে পঢ়ক: HSLC result 2023: লখিমপুৰৰ পাঁচ মেধাবীয়ে দখল কৰিলে শীর্ষস্থান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.