HSLC exam paper leak: প্ৰণৱ দত্তৰ বাবেই কলংকিত হ’ল কুমুদ ৰাজখোৱা; আত্মীয়ৰ অভিযোগ

By

Published : Mar 17, 2023, 10:58 PM IST

thumbnail

লখিমপুৰ, 17 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত প্ৰণৱ দত্তৰ বাবেই কলংকিত হ’ব লগা হ’ল কুমুদ ৰাজখোৱা ৷ অভিযোগ কুমুদ ৰাজখোৱাৰ আত্মীয়ৰ ৷ প্ৰণৱ দত্তৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি লখিমপুৰ সদৰ থানাত কান্দোনত ভাঙি পৰিল কুমুদ ৰাজখোৱাৰ আত্মীয় (HSLC paper leak case prime accused) ৷

কুমুদ ৰাজখোৱাই আত্মসমৰ্পণ কৰাৰ পাচতেই থানা চৌহদত উপস্থিত হয় কুমুদ ৰাজখোৱাৰ আত্মীয় ৷ তেওঁৰ আত্মীয়ই দাবী কৰে যে কুমুদ ৰাজখোৱা বেয়া মানুহ নহয়, প্ৰণৱ দত্তৰ বাবেহে তেওঁ এই কলংকিত অধ্যায়ত সোমাবলগীয়া হ’ল ৷ আটক হোৱা আন এগৰাকী শিক্ষক প্ৰসন্ন দাসো কুমুদ ৰাজখোৱাৰ ঘৰলৈ আহিছিল বুলি উল্লেখ কৰিছে আত্মীয়ই (HSLC question paper leak) ৷  

আনহাতে প্ৰণৱ দত্তই বহু শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰাৰ লগতে পৰিয়ালটোৰ মান-মৰ্যাদা নোহোৱা কৰিলে বুলিও উত্থাপন কৰে অভিযোগ ৷ 

লগতে পঢ়ক: HSLC exam paper leaked: কি দৰে আৰক্ষীয়ে চলাইছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.