Protest in Diphu: ডিফুত এ পি এইছ এল চিৰ সভাপতিৰ পুত্তলিকা দাহ কাৰ্বি ছাত্ৰ সন্থাৰ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:55 PM IST

thumbnail

ডিফু, ১৭ অক্টোবৰঃ কাৰ্বি ছাত্ৰ সন্থাৰ (থমছন) গোটে মঙলবাৰে ডিফুত আঞ্চলিক ৰাজনৈতিক দল এ পি এইছ এল চিৰ সভাপতি জে আই কাথাৰৰ পুত্তলিকা দাহ কৰে ৷ ডিফু বেচৰকাৰী বাছ আস্থানত ছাত্ৰ সন্থাই কাথাৰৰ পুত্তলিকা দাহ কৰি জে আই কাথাৰ মুৰ্দাবাদ, জে আই কাথাৰ ছাত্ৰ সন্থাৰ বিৰোধী জে আই কাথাৰ হায়! হায়! আদি শ্লাগানেৰে উত্তাল কৰি তোলে ৷ উল্লেখ্য যে এখন ৰাজহুৱা সভাত কাথাৰে কাৰ্বি ছাত্ৰ সন্থাক কিডনেপিং সন্থা আখ্যা দিছিল ৷ এই মন্তব্যৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷  

ছাত্ৰ সংগঠনটোৰ এই প্ৰতিবাদলৈ মুকলি সমৰ্থন আগবঢ়াইছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে'ই ৷ দুয়ো গৰাকী নেতাই দুটাকৈ পৃথক সংবাদমেল আয়োজন কৰি কাথাৰৰ এনে মন্তব্যৰ বিৰোধিতা কৰি কয় যে কাৰ্বি জাতি আৰু কাৰ্বি আংলঙৰ বাবে কাথাৰে কি অৱদান আগবঢ়াইছে ৷ কাৰ্বি ছাত্ৰ সন্থাক কাৰ্বি জাতিৰ অভিন্ন অংগ আখ্যা দিয়ে দুয়োগৰাকী বিজেপি নেতাই ৷  

ইপিনে,আজি ছাত্ৰ সংগঠনটোৰ নেতা থমছন ৰংপিয়ে কাথাৰৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে কাৰ্বি জাতীয় জীৱনৰ প্ৰতি কাথাৰৰ কোনো অৱদান নাই বুলি কটাক্ষ কৰে । তেওঁ এনে মন্তব্যৰ বাবে কাথাৰক শীঘ্ৰে ক্ষমা খুজিবলৈ দাবী জনায় । অন্যথা আন্দোলন অব্যাহত থাকিব বুলি তেওঁ  হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:CM HBS Controversy: মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা শিক্ষা ব্যৱস্থাত শেষ গজালটো মাৰিবলৈ ওলাইছে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.