Onion price hike : ৰণজিৎ দাস অদক্ষ আৰু অকৰ্মণ্য মন্ত্ৰী- প্ৰতিবাদকাৰী

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:33 AM IST

thumbnail

ৰহা, 30 অক্টোবৰ : পিয়াঁজৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে কন্দুৱাইছে সৰ্বাসাধাৰণ জনতাক ৷ হঠাত পিয়াঁজৰ মূল্যবৃদ্ধিক লৈ এতিয়া বিবুদ্ধিত পৰিছে সাধাৰণ শ্ৰেণীৰ জনতা । এইবাৰ এই পিয়াঁজৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈ সৰৱ হৈছে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি। দেওবাৰে ৰহাত সাপ্তাহিক বজাৰত উপস্থিত হৈ নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতৰ সভাপতিগৰাকীয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ ইয়াৰোপৰি যোগান মন্ত্ৰী ৰঞ্জিত দাসক অদক্ষ মন্ত্ৰী আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে । 

প্ৰতিবাদকাৰীসকলে লগতে কয় যে, অ’ মন্ত্ৰী মহোদয় শুনিছেনে? ৰণজিৎ দাস আপুনি যোগান মন্ত্ৰী হৈ আছেনে ? ৰণজিৎ দাস অদক্ষ আৰু অকৰ্মণ্য মন্ত্ৰী ৷ বৰ্তমান চৰকাৰখন বনিয়াৰ পকেটত সোমাই আছে । চৰকাৰেই ক'লা বেপাৰীক সুবিধা দিয়া বুলি অভিযোগ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে অচিৰেই এক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৰ সভাপতি আৰু কৰ্মীসকলে ।

লগতে পঢ়ক: ULFA I killed cadre: কিয় হত্যা কৰা হ’ল বিভাকৰক ? পৰেশ বৰুৱাক উত্তৰ বিচাৰিলে মৃত যুৱকৰ পিতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.