ক্ৰাইম ব্ৰাঞ্চৰ তৎপৰতাত মহানগৰীৰ সিজুবাৰীত উদ্ধাৰ হাতীগাঁৱৰ পৰা অপহৃত শিশু

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 1:07 PM IST

thumbnail

গুৱাহাটী, ২০ নৱেম্বৰ : ৰাখে হৰি মাৰে কোনে ! অপৰহণৰ কিছু ঘণ্টাৰ পিচতেই গুৱাহাটীৰ সিজুবাৰীত উদ্ধাৰ এক শিশু ৷ ক্ৰাইম ব্ৰাঞ্চে সিজুবাৰীৰ পৰা উদ্ধাৰ কৰে অপহৃত শিশুটি ৷ ক’লা ৰঙৰ পালচাৰেৰে খেলি থকা অৱস্থাৰ পৰা শিশুটিক অপহৰণ কৰিছিল অপহৰণকাৰীয়ে ৷ চিচিটিভি কেমেৰাত বন্দী হৈছিল শিশুটি অপহৰণৰ সমগ্ৰ দৃশ্য ৷ 

উল্লেখ্য যে, দেওবাৰে বিয়লি ককায়েকৰ সৈতে খেলি থকা অৱস্থাত এটি 6 বছৰীয়া শিশুক কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল ৷ খেলনা বস্তু দিয়াৰ চলেৰে অপহৰণ কৰিছিল শিশুটিক ৷ শিশুটি খেলি থকা অৱস্থাত নম্বৰ বিহীন বাইকত অহা এটা দুৰ্বৃত্তই শিশুটিক পিষ্টল কিনি দিয়াৰ চলেৰে অপহৰণ কৰি লৈ গৈছিল ৷ অপহৰণ হোৱা ৬ বছৰীয়া শিশুটিৰ নাম আৰিজুল ইছলাম বুলি জানিব পৰা যায় ৷ 

এই ঘটনাৰ লগে লগে শিশুটিৰ ককায়েকে ঘৰত খবৰ দিয়ে। পৰিয়ালৰ লোকে প্ৰথম অৱস্থাত বিচাৰ খোচাৰ কৰে যদিও শিশুটিৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰে। তাৰ পিছতেই ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। আৰক্ষীয়ে অপহৰণকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল । 

ইফালে CCTV ভিজুৱেলছত ধৰা পৰিছিল দুৰ্বৃত্তই শিশুটিক অপহৰণ কৰাৰ দৃশ্য। কলা ৰঙৰ পালচাৰ বাইকেৰে অপহৰণকাৰীয়ে সংঘটিত কৰিছিল এই অপহৰণকাণ্ড। হাতীগাঁও কনকলতা পথৰ পৰা দক্ষিণগাঁও হৈ কাহিলীপাৰা দিশে অপহৰণকাৰীয়ে লৈ গৈছিল শিশুটিক ৷

লগতে পঢ়ক: বেলুন ফুলাই থাকোতেই ঘটিল অঘটন, গুৰুতৰভাৱে আহত কেবাজনো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.