চৰকাৰী কাৰ্যালয় ভঙাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ, নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 8:05 AM IST

thumbnail

কাজিৰঙা, 25 নৱেম্বৰ : কাজিৰঙাত চৰকাৰী কাৰ্যালয় ভঙাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷ North East Social Trust নামৰ এটা সংস্থাই কৰা এই কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ ৰাইজে প্ৰকাশ কৰা মতে, কাজিৰঙাৰ দুৰ্গাপুৰত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এটা কৃষি বিভাগৰ কাৰ্যালয় আছে ৷ য’ৰ পৰা অঞ্চলটোৰ গ্ৰামসেৱকসকলে যাৱতীয় কাম-কাজ সমাপন কৰিছিল ৷

কিন্তু পৰৱৰ্তী সময়ত দুৰ্গাপুৰ গাঁৱক পৰ্যটক গাঁৱলৈ উন্নীত কৰাৰ এক প্ৰক্ৰিয়াত North East Social Trust নামৰ সংস্থাটোৱে ভূমিকা লৈ 2004-05 চনত উক্ত কাৰ্যালয়টো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পাচতে লাহে লাহে সংস্থাটোৱে চৰকাৰী কাৰ্যালয়টো নিজা সম্পত্তি হিচাপে ব্যৱহাৰ কৰি কাৰ্যালয় প্ৰাংগনত স্থায়ী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে বুলি ৰাইজে অভিযোগ তোলে ৷

অৱশ্যে কিছু বছৰ পূৰ্বে ৰাইজৰ প্ৰচেষ্টাত সেয়া বন্ধ হয় ৷ সংস্থাটোৱে এইবাৰ কাৰ্যালয়টোকেই ভাঙি পেলাবলৈ সিদ্ধান্ত লোৱাত ক্ষুভিত হৈ পৰিছে স্থানীয় লোক ৷ এই কাৰ্যৰ বিৰোধিতা কৰি ৰাইজে কয়, "কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত কৃষি বিভাগৰ কাৰ্যালয় ভাঙি কোনো সংস্থাৰ সম্পত্তিলৈ ৰূপান্তৰ কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব’’ ৷ সেয়ে সংশ্লিষ্ট বিভাগক এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী তুলিছে ৷

লগতে পঢ়ক: বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে কাজিৰঙাবাসীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.