দিনজোৰা কাৰ্যসূচীৰে জোঙাল বলহু দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 8:12 AM IST

thumbnail

ৰহা, 4 জানুৱাৰী : তিৱা জাতিৰ পিতৃপুৰুষ, শৌৰ্য-বীৰ্যৰ প্ৰতীক তথা ঐতিহাসিক বীৰ ৰজা জোঙাল বলহুৰ স্মৃতিত 2022 চনৰ পৰা জোঙাল বলহু দিৱস উদযাপিত হৈ আহিছে। তিৱা স্বায়ত্তপৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় সংগঠনৰ উদ্যোগত বুধবাৰ তথা 3 জানুৱাৰীত অনুষ্ঠিত কৰা হয় এই জোঙাল বলহু দিৱস ৷ ঐতিহাসিক ৰজাগৰাকীৰ ৰাজধানী জোঙাল বলহু গড়ত অনুষ্ঠিত হোৱা জোঙাল বলহু দিৱসত পুৱা তিৱাসকলৰ পৰম্পৰাগত ফিদৃ ফূজা (পিতৃ পূজা)ৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিচতে জোঙাল বলহুৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, তিৱা জাতীয় সংগঠনসমূহৰ পতাকা উত্তোলন কৰা হয় ।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ বৰুৱাই কয় যে, মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই জোঙাল বলহু গড়ে প্ৰাণ পাই উঠিছে ৷ জোঙাল বলহু গড় অসমৰ ভিতৰতে এখন উন্নত পৰ্যটন ক্ষেত্ৰ হ'ব ৷ বিজেপি চৰকাৰে প্ৰতিটো জাতি-জনগোষ্ঠীক মৰ্যাদা প্ৰদান কৰাৰ লগতে সুৰক্ষা আৰু বিকাশৰ বাবে গুৰুত্ব দি আহিছে ৷

উল্লেখ্য যে, ঐতিহাসিক বীৰ ৰজাগৰাকীৰ ৰাজধানী তথা ঐতিহাসিক স্থান জোঙাল বলহু গড়ক আধুনিক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবৰ বাবে অসম চৰকাৰে ইতিমধ্যে 50 কোটি টকা আৱণ্টন দিয়াৰ লগতে জোঙাল বলহু ক্ষেত্ৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আঁচনি ৰূপায়ণ কৰিছে ৷

লগতে পঢ়ক: বনভোজকাৰী দলৰ বাবে SOP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.