Modi surname case: উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ জোনাইত আনন্দ-উল্লাস

By

Published : Aug 6, 2023, 12:08 PM IST

thumbnail

জোনাই, 6 আগষ্ট : সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ শাস্তি লাঘৱ কৰাৰ পিছতে সমগ্ৰ দেশতে কংগ্ৰেছ কৰ্মীসকলৰ মাজত আনন্দ-উল্লাস পৰিলক্ষিত হৈছে । সদৃশ পৰিৱেশ ধেমাজি জিলাৰ জোনাইতো পৰিলক্ষিত হৈছে ৷ ৰাহুল গান্ধীক সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা বৃহৎ সকাহৰ পিছতে শনিবাৰে মূর্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জোনাইৰ গালী বজাৰত ফটকা ফুটাই আনন্দ-উল্লাস আৰু ৰাইজৰ মাজত মিঠাই বিতৰণ কৰে কংগ্ৰেছ কৰ্মীসকলে । 

উল্লেখযোগ্য যে, শুকুৰবাৰে ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে । মোদী উপাধি গোচৰত গুজৰাট উচ্চ ন্যায়ালয়ে যুৱ নেতাজনক বিবিছিল দুবছৰৰ বাবে কাৰাদণ্ড ৷ লগতে খাৰিজ কৰিছিল সাংসদ পদো । মোদী উপাধিৰ গোচৰত শাৰ্ষ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক 4 আগষ্ট শুকুৰবাৰে প্ৰদান কৰে সকাহ । উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত জাৰি কৰিছে স্থগিতাদেশ  ।

লগতে পঢ়ক : Modi surname case : বাহাল থাকিব ৰাহুল গান্ধীৰ সাংসদ পদ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.