সত্যৰঞ্জন বৰাক ধৰ্মীয় দালাল আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 1:27 PM IST

thumbnail

নলবাৰী, ২৭ নৱেম্বৰ : ‘‘অল্প বিদ্যা ভয়ংকৰী ৷ মই অল্প বিদ্যা থকা মানুহৰ সৈতে কথা পাতি ভাল নাপাও ৷ যিয়ে ধৰ্ম বা সনাতনী সংস্কৃতি বিলাব পাৰে, তাকেই আমি শ্ৰদ্ধা কৰো । আমি ভক্ত । ভক্তিৰ নামত যিয়ে দালালি কৰে, দোকান চলাই তেওঁলোকে বা কোন গুৰু কি হয় এইবোৰ কথা আলোচনা কৰে ৷ প্ৰথমতে তেওঁলোকে ভক্ত হ'বলৈ চেষ্টা কৰক ৷’’ দেওবাৰে নলবাৰীৰ ৰাসত উপস্থিত হৈ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷

উল্লেখ্য যে, নলবাৰীৰ ৰাসত শংকৰাচাৰ্য আহিব বুলি প্ৰচাৰ হোৱাৰ পিচতে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সমালোচনা কৰে ৷ লগতে মন্ত্ৰীগৰাকীয়ে শংকৰাচাৰ্যৰ নামত ৰাইজক ঠগা বুলিও সমালোচনা কৰে সত্যৰঞ্জন বৰাই ।

সত্যৰঞ্জন বৰাৰ মতে, নলবাৰীৰ ৰাসত অতিথি হিচাপে অংশ লোৱা শংকৰাচাৰ্যগৰাকী প্ৰকৃত শংকৰাচাৰ্য নহয় ৷ সেয়ে নলবাৰীত সত্যৰঞ্জন বৰাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসে আকৰ্ষণ কৰিছে হাজাৰ হাজাৰ দৰ্শকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.