Japanese Encephalitis: মাজুলীত জাপানীজ এনকেফেলাইটিছ’ৰ ভয়াৱহতা

By

Published : Jul 30, 2023, 6:55 PM IST

thumbnail

মাজুলী,30 জুলাই: মাজুলীত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা ৷ জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ মাজুলীত ছাত্ৰৰ মৃত্যু হৈছে ৷ নামনি গেজেৰাৰ ৰাহুল পেগু নামৰ এজন ছাত্ৰৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে । মৃত্যু হোৱা ছাত্ৰজনৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে ৷ ধেমাজি মহাবিদ্যালয়ৰ পঞ্চম সান্মাষিকৰ ছাত্ৰ আছিল ৰাহুল পেগু ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ২৭ জুলাইত মৃত্য হয় ৰাহুলৰ ৷ 

আনহাতে ৬ জুলাইত হোষ্টেলৰ পৰা ঘৰলৈ যোৱা ৰাহুলৰ ২১ জুলাইৰ পৰা জ্বৰত আক্ৰন্ত হয় । ইয়াৰ পাচতেই পৰিয়ালৰ লোকে ঢকুৱাখনা চিকিৎসালয়ত চিকিৎসা কৰাই আছিল ৰাহুলক ৷ কিন্তু কোনো সুফল নোপোৱাত চিকিৎসকে গুৱাহাটী নিয়াৰ পৰামৰ্শ দিয়ে ৷ কিন্তু ছাত্ৰজনৰ অৱস্থা অধিক জটিল হোৱাৰ বাবে গুৱাহাটীৰ পৰিৱৰ্তে ডিব্ৰুগড়লৈ নিয়ে ৰাহুলক  ৷ ডিব্ৰুগড়ত ছাত্ৰজনৰ দেহত জাপানীজ এনকেফেলাইটিছ’ ধৰা পৰে আৰু ব্যক্তিগত এখন চিকিৎসালয়ত মৃত্যু হয় ৰাহুল পেগুৰ ।

লগতে পঢ়ক:Corruption in road construction: নিৰ্মাণ কৰোঁতেই এৰাল ব্লেক টেপিং; ঠিকাদাৰৰ প্ৰতি ৰাইজৰ ক্ষোভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.