Scam in flood relief distribution:বান সাহায্য় বিতৰণত অনিয়মক লৈ উত্তাল বৰভাগ

By

Published : Jun 26, 2023, 5:39 PM IST

thumbnail

নলবাৰী, ২৬ জুন:নলবাৰী জিলাৰ বৰভাগত বান সাহায্য় বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বৰভাগত পশুধনৰ খাদ্য বিতৰণক লৈ সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ । বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাছা গাঁৱত বান সাহায্য় বিতৰণক লৈ সৃষ্টি হয় এই কিছু উত্তপ্ত পৰিস্থিতি ।  

উল্লেখ্য় যে শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানে নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে ক্ষতিগ্ৰস্থ কৰিছে বৰভাগ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও । বানাক্ৰান্ত ৰাইজৰ পশুধনৰ বাবে চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিছে পশুখাদ্য । এই পশুখাদ্য বিতৰণক লৈ জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ বৰগাছাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে । গাঁওখনৰ ভাড়ালতোলা চুবুৰীত থকা ৮৯টা পৰিয়ালক পৰ্যাপ্ত পৰিমাণৰ পশুখাদ্য নিদিয়াত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।  

দিনৰ দিনটো বান সাহায্য়ৰ নামত বোন্দাপৰ দিয়াৰ পিচতো নিশা ১২ বজালৈ সাহায্য় নাপায় ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । অঞ্চলটোৰ কেইবাজন লোকে পশুধন অনুসৰি পশুখাদ্য নিদিয়াক লৈ গোটেই নিশা ৰাইজে এনেদৰে বৰগাছাত ক্ষোভিত হৈ থাকে । এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে গাওঁবাসীয়ে ।

লগতে পঢ়ক:Unnatural Death Of Tortoise: মাছৰ পিচত এইবাৰ দীঘলীপুখুৰীত কাছৰ অস্বাভাৱিক মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.