ETV Bharat / state

Unnatural Death Of Tortoise: মাছৰ পিচত এইবাৰ দীঘলীপুখুৰীত কাছৰ অস্বাভাৱিক মৃত্যু

author img

By

Published : Jun 26, 2023, 4:28 PM IST

২০২১ চনৰ জুনত দীঘলীপুখুৰীত অস্বাভাৱিকভাৱে মৃত্যু হৈছিল শ শ মাছৰ । এইবাৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছে কাছৰ । পুখুৰীৰ‌ পানী চাফা কৰা হোৱা নাই বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ ।

Polluted historical Dighalipukhuri
ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী

ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী

গুৱাহাটী, ২৬ জুন: চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু অৱহেলাৰ বাবে প্ৰদূষিত হৈ পৰিছে মহানগৰীৰৰ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী । দুবছৰ পূৰ্বে দীঘলীপুখুৰীৰ পানী প্ৰদূষিত হৈ হাজাৰ হাজাৰ মাছ মৃত্যুমুখত পৰাৰ পিচত এইবাৰ দীঘলীপুখুৰীত কাছৰ অস্বাভাৱিক মৃত্যু হৈছে । ঐতিহ্যমণ্ডিত পুখুৰীটোত মাছৰ পাছত এইবাৰ কাছৰ মৃত্যু হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

দীঘলীপুখুৰীৰ পানী প্ৰদূষিত হৈ কাছৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে । দুৰ্গন্ধৰ বাবে দীঘলীপুখুৰীৰ কাষৰে যাব পৰা নাই পথচাৰী । কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এইদৰে কাছৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ কোম্পানী টেৰি নামৰ কোম্পানীটোক দীঘলীপুখুৰীটো চোৱা চিতাৰ দায়িত্ব প্ৰদান কৰিছিল পৰ্যটন বিভাগে ।

মন কৰিবলগীয়া যে এই দীঘলীপুখুৰীৰ পানী সময়ে সময়ে পৰীক্ষা কৰাৰ দায়িত্ব মীন বিভাগৰ । কিন্তু কোনোৱে এই ক্ষেত্ৰত দায়িত্ব পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত দীঘলীপুখুৰীত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে কয় যে বৰষুণ দিয়াৰ আগতে পুখুৰীৰ‌ পানী চাফা কৰা হৈছিল । বৰষুণৰ‌ পিচত পুখুৰীৰ‌ পানী চাফা কৰা হোৱা নাই । বৰষুণৰ বাবে কাষৰ নলাৰ পানী উপচি আহি পুখুৰীত পৰা বাবে হয়তো পুখুৰীটোৰ পানী লেতেৰা হ'ব পাৰে বুলি কৰ্মচাৰীজনে কয় ।

উল্লেখ্য যে ২০২১ চনত জুন মাহত দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মৃত্যু হৈছিল শ শ মাছৰ। । মৃত্যু হোৱা ভিতৰত আছিল ৰৌ, ভকুৱা, মিৰিকা, ছিলভাৰ কাৰ্প, কমন কাৰ্প, জাপানী কাৱৈ আদি প্ৰজাতিৰ মাছ । মাছৰ অস্বাভাৱিক মৃত্যুৰ পাছতে দুৰ্গন্ধৰে ভৰি পৰিছিল সমগ্ৰ অঞ্চলটো। পিচত পুখুৰীটোৰ পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবেই ভিন্ন প্ৰজাতিৰ মাছ মৰা বুলি নিশ্চিত হৈছিল সংশ্লিষ্ট বিভাগ । পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবেই দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত শ-শ মাছৰ মৃত্যু ঘটা বুলি স্থানীয় লোক তথা বিভাগীয় কৰ্তৃপক্ষই সদৰি কৰাৰ পিচতেই এই বিষয়টোক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক:Indian Womens Football Team to Sweden : ভাৰতীয় মহিলা ফুটবল দলৰ নেতৃত্বত অসম কন্যা অপূৰ্ণা নাৰ্জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.