Clean village competition: গোলাঘাটত দেশৰ প্ৰথমখন স্বচ্ছ গাঁও প্ৰতিযোগিতা

By

Published : Mar 5, 2023, 10:43 AM IST

thumbnail

গোলাঘাট, ৫ মাৰ্চ: গোলাঘাটত অনুষ্ঠিত হ'ল এখন ব্যতিক্ৰমী প্ৰতিযোগিতা (Exceptional competition in Golaghat)। জিলাখনৰ খুমটাইত অনুষ্ঠিত হৈছে স্বচ্ছ গাঁও প্ৰতিযোগিতা । এতিয়া স্বচ্ছতাৰ আন্দোলনলৈ পৰ্যবসিত হৈছে গোলাঘাটৰ এই প্ৰতিযোগিতাখনি । খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত খুমটাইত এই স্বচ্ছ গাঁও প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে । দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে বুলি দাবী কৰিছে আয়োজকসকলে (Inter village tea garden cleanliness competition) ।  

উল্লেখ্য় যে, এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা গাঁওসমূহক বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ দ্বাৰা স্বচ্ছতাৰ মূল্যাংকণ কৰা হৈছে । সমষ্টিটোৰ 121 খন গাঁও আৰু চাহ বাগিচাই অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাখনিত । গাঁও আৰু বাগিচাক লৈ দুটা শিতানত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ মূল্যায়ন কৰিবৰ বাবে বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৫ গৰাকী নিৰীক্ষকে ইতিমধ্যে সমষ্টিটোৰ প্ৰতিটো অঞ্চলতেই সোমাই পৰিছে (Clean village competition in Golaghat) ।

বিধায়ক মৃণাল শইকীয়াই এই প্ৰসংগত কয় যে, প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি স্বচ্ছতাৰ ওপৰত স্থান দখল কৰা গাঁৱক পুৰষ্কৃত কৰা হ'ব । এই পুৰস্কাৰ থাকিব গাঁৱখনৰ উন্নয়নৰ ওপৰত । স্থান দখল কৰা গাঁৱে বাট-পথ পকীকৰণৰ বাবে লাভ কৰিব পুঁজি । এই প্ৰতিযোগিতাৰ ফলাফল মুখ্যমন্ত্ৰী  ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব বুলি কয় বিধায়ক মৃণাল শইকীয়াই । তিনিজনীয়া পাঁচটা দলে মূল্যায়ন কৰিব গাঁও সমূহৰ স্বচ্ছতাকে আদি কৰি বিভিন্ন দিশ ।

লগতে পঢ়ক:Powerloom gamochas ban in Assam: অসমত নিষিদ্ধ হ'ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ; উৎফুল্লিত ৰাজ্যৰ শিপিনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.