Injured wild elephant in Boko: বকোৰ ৰাজাপাৰাত এটা আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ

By

Published : Feb 8, 2023, 2:11 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

বকো, 8 ফেব্ৰুৱাৰী: ৰাজ্যত ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ক’ৰবাত যদি মাটিৰ ঘৰ ভাঙিছে ক’ৰবাত আকৌ পকী ঘৰো ভাঙিছে, ক’ৰবাত আকৌ খাই তহিলং কৰিছে খেতি-পথাৰকে আদি কৰি বাৰীৰ পাচলি ৷

সমান্তৰালভৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে অজস্ৰজন ৷ কেৱল হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হোৱাই নহয়, ইয়াৰ সমান্তৰালকৈ বহু সময়ত হাতীও মৃত্যুমুখত পৰাৰ লগতে আঘাতপ্ৰাপ্তও হৈছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰ উলাই অহাৰ সময়ত আৱদ্ধ হৈ পৰে খাল-ডোং, পুখুৰী, জলাশয় আদিত ৷ যাৰ ফলত সেই স্থানতেই ককবকাই থাকিব লগীয়া বন্যহস্তীয়ে ৷

আন কেতিয়াবা আকৌ বনাঞ্চলৰ পৰা উলাই অহাৰ সময়ত কাটা তাঁৰত লাগি অথবা ৰাইজৰ ৰোষত পৰিও আহত হয় বন্যহস্তী ৷ এনেবোৰ কাৰণত বহু সময়ত মৃত্যুমুখত পৰা দেখা যায় একাংশ বন্যহস্তী ৷ এনে পৰিস্থিতিত বন বিভাগ কিম্বা চিকিৎসকে বন্যহস্তীৰ প্ৰাণ ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে যদিও ৰক্ষা কৰিব নোৱাৰে প্ৰাণ ৷ যাৰ ফলত মৃত্যুক সাবটি ল’বলগীয়া হয় বন্যহস্তীয়ে ৷

এইবাৰ বকোৰ ৰাজাপাৰাত এটা বন্যহস্তীৰ আৰ্তনাদ (Injured wild elephant in Boko)। জানিব পৰা মতে বন্যহস্তীটো আহত হৈছে ৷ যাৰ ফলত যন্ত্ৰণাত চিৎকাৰ কৰিছে আহত হাতীটোয়ে ৷ ইফালে বন্যহস্তীটোৰ চিঞৰত আতংকিত হৈ পৰিছে নিকটবৰ্তী লোক । সম্প্ৰতি ৰাজাপাৰাৰ সমীপৰ বননিত ছটফটাই ঘূৰি ফুৰিছে হাতীটো ৷ বন্যহস্তীটোৰ ভৰিত আঘাতৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

স্থানীয় লোকে আহত হাতীটোক প্ৰত্যক্ষ কৰি খাদ্য যোগানৰ চেষ্টা কৰিছে একাংশ স্থানীয় লোকে (Injured wild elephant roaming in Rajapara) । ঘটনা সন্দৰ্ভত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়া (DFO of West Kamrup) ডিম্পী বৰাক এই বিষয়ে অৱগত কৰা হৈছে । আঘাতপ্ৰাপ্ত হাতীটোক উদ্ধাৰৰ বাবে আজি পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে বন বিভাগৰ দলে (Forest Officers try hard to rescue injured elephant) ৷

লগতে পঢ়ক: Treatment To Injured Wild Elephant: জোনাই বন বিভাগৰ মহানুভৱতা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.