ETV Bharat / state

Treatment To Injured Wild Elephant: জোনাই বন বিভাগৰ মহানুভৱতা

author img

By

Published : Feb 7, 2023, 3:03 PM IST

এতিয়াও শেষ হোৱা নাই মানৱতা ৷ জোনাইস্থিত পবা সংৰক্ষিত বনাঞ্চলত এটা আঘাতপ্ৰাপ্ত হাতীক শুশ্ৰূষা কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে জোনাই বন বিভাগৰ লগতে স্থানীয় লোকে (Treatment To Injured Wild Elephant)৷

Jonai Forest Department provides treatment to injured wild elephant
জোনাই বন বিভাগৰ মহানুভৱতা

জোনাই বন বিভাগৰ মহানুভৱতা

জোনাই, 7 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাতৰ ঘটনা (Man Elephant Conflict) ৷ প্ৰতিদিনেই ইটোৰ পিচত সিটো হাতী-মানুহৰ সংঘাতৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Man Elephant Conflict in Assam) ৷ এই হাতী-মানুহৰ সংঘাতৰ পৰিণতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে আঘাতপ্ৰাপ্তও হৈছে, ইয়াৰ সমান্তৰালকৈ হাতীও মৃত্যুমুখত পৰাৰ লগতে আঘাতপ্ৰাপ্তও হৈছে ৷

ধেমাজি জিলাৰ জোনাইত বিভিন্ন সময়ত হাতী-মানুহৰ সংঘাত চলি থকাৰ মাজতে জোনাই বন বিভাগৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে (Magnanimity of Jonai Forest Department) ৷ জোনাই সদৰৰ পৰা পূব দিশে অসম-অৰুণাচল প্রদেশৰ সীমান্তস্থিত ৰাজ্যৰ অন্যতম বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত আজি এসপ্তাহ ধৰি এটা বন্যহস্তীয়ে জীৱন মৰণৰ সৈতে যুঁজি আছে ৷ জানিব পৰামতে আজিৰ পৰা প্ৰায় 20 দিনৰ আগতে এখন ঠেঙত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হাতীটো (Treatment To Injured Wild Elephant) ৷

তাৰ পিচৰেপৰা হাতীটোৰ ভৰিৰ পৰা নিৰন্তৰে ৰক্তক্ষৰণ হৈ আছিল ৷ যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা এটা আঘাতপ্ৰাপ্ত বন্যহস্তীক জোনাই বন বিভাগ আৰু পশু চিকিৎসকৰ দ্বাৰা শুশ্ৰূষা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সোমবাৰে পুনৰ জোনাই বন বিভাগ তথা পশু চিকিৎসকৰ লগতে স্থানীয় সাংবাদিকৰ এটা দলে পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল খণ্ডৰ অৰ্ন্তগত অঞ্চলত আঘাতপ্ৰাপ্ত হাতীটো বনাঞ্চলৰ ভিতৰত ট্ৰেক কৰি শুশ্ৰূষা কৰাৰ চেষ্টা কৰে যদিও হাতীটোৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই।

ইফালে হাতীটোৰ ঠেঙৰ পৰা ৰক্তক্ষৰণ বন্ধ নোহোৱাৰ ফলত ক্ৰমাৎ হাতীটোৰ স্বাস্থ্যৰ অৱনতি ঘটি আহিছে ৷ প্ৰতিদিনে জীৱন মৰণৰ সৈতে যুঁজি হাতীটোৱে চটফটাই আছে বুলি অৱগত কৰে বন বিভাগৰ দলটোৱে ৷ গতিকে অনতিপলমে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা বন বিভাগে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত বন্যহস্তীটোক ট্ৰেংকুলাইজ কৰি উন্নত চিকিৎসা কৰাৰ দাবী জনাইছে স্থানীয় বেচৰকাৰী সংস্থাৰ সদস্যৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজে (Jonai Forest Department demanding treatment)। অন্যথা প্ৰতিদিনে আঘাতপ্ৰাপ্ত হাতীটোৰ স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷

পবা অভয়াৰণ্য (Poba Reserve Forest) :

১৯২৪ চনত ধেমাজি জিলাৰ পবা অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল ৷ বৰ্ষাৰণ্যখন মুঠ ১০,২২১ হেক্টৰ বনভূমিৰে আগুৰি আছে। জৈৱ বৈচিত্ৰ্যৰে ভৰা পবা সংৰক্ষিত বনাঞ্চলত বিভিন্ন মূল্যবান গছ-গছনি, ঔষধি গছ-লতা, বিভিন্ন প্রজাতিৰ অৰ্কিড, দুষ্প্রাপ্য জীৱ জন্তু- চৰাই-চিৰিকটি, সৰীসৃপ, স্তন্যপায়ী প্রাণী আৰু উভচৰ প্ৰাণীয়ে বাস কৰে ৷ পবা বনাঞ্চলখন সুৰক্ষাৰ বাবে জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত লেকু আৰু তিনিমাইলত দুটা বীট অফিছ আছে ।

লগতে পঢ়ক: River Dolphin Died in Chaygaon: ছয়গাঁৱৰ কলহী নদীত পুনৰ ৰিভাৰ ডলফিনৰ মৃত্যু: সংকটত কুলশীৰ ডলফিন কুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.